Sri Krishna: ভগৱান শ্ৰীকৃষ্ণৰ কৰুণ কাহিনী…

কৃষ্ণ, ভগবান হিচাপে পূজিত (Sri Krishna) হোৱাৰ পাছতো, তেওঁৰ জীৱনত বহুত দুখ আৰু সংঘাত আছিল । তেও‍ঁৰ জীবন কাহিনী মহাভাৰত আৰু ভাগৱত পুৰাণত বিস্তাৰিতভাৱে বৰ্ণিত হৈছে । কৃষ্ণৰ জন্মৰ পৰিস্থিতি আছিল অত্যন্ত কঠিন । তেওঁক কংসই হত্যা কৰিব বুলি জানি মাক দেৱকী আৰু দেউতাক বসুদেৱক কংসই কাৰাগাৰত বন্দী কৰি ৰাখিছিল । কৃষ্ণই জন্ম লোৱাৰ লগে লগে বসুদেৱে তেওঁক যমুনা নদী পাৰ কৰি নন্দ আৰু যশোদাৰ নিকট গকুলত থৈ আসে ।


কৃষ্ণই ডাঙৰ হৈ অসংখ্য সংঘাতৰ সন্মুখীন হৈছিল । ক‍ংসই পঠাই দিয়া অসংখ্য দৈত্য দানৱক তেওঁ বধ কৰিব লগা হয় । তেওঁৰ বাল্যকাল আৰু কৌশোৰ কাল গকুল আৰু বৃন্দাবনত পাৰ হৈছিল যদিও পাছলৈ তেওঁ মথুৰা লৈ গৈ কংসক বধ কৰিব লগা হৈছিল । কৃষ্ণই যদুকুল ধ্বংস হোৱা দেখিব লগা হৈছিল । তেওঁৰ নিজৰ সম্প্ৰদায় আৰু পৰিয়ালৰ লোকসকলৰ মাজত হোৱা অন্তদ্বদ্বই তেওঁক বহুত বেদনা দিছিল । এই সকলোবোৰৰ মাজতো কৃষ্ণই ধৰ্ম আৰু ন্যায়ৰ পথত অটল আছিল । তেওঁৰ জীৱন আছিল এক অদ্ভুত সংঘাত আৰু বেদনাৰ সমাহাৰ, কিন্তু তেওঁ সদায় শুভ শক্তিৰ জয়ৰ বাবে যুঁজ দি গৈছিল ।

লেখকঃ চিমী বৰুৱা, মৰিগাঁও চৰাইবাঁহী, দূৰভাষ ৭০৯৯৭৪৭৬৪৩

Related Articles