Breaking

শ্ৰীকৃষ্ণ অসমৰ ‘জোঁৱাই’ আছিল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 33

হাৰিয়ানাৰ কুৰুক্ষেত্ৰত ‘আন্তৰ্জাতিক গীতা মহোৎসৱ’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক আধ্যাত্মিক ভাষণেৰে সকলোৰে হৃদয় জয় কৰে৷ ভগৱান শ্ৰীকৃষ্ণ অসমৰ ‘জোঁৱাই’ আছিল ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এই মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

২৩ ডিচেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত ‘আন্তৰ্জাতিক গীতা মহোৎসৱ’ত উপস্থিত আছিল মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সৈতে থকা শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ কথা উল্লেখ কৰে৷ এই বছৰৰ ‘আন্তৰ্জাতিক গীতা মহোৎসৱ’ৰ বিশেষ দি—টো হ’ল এইবেলি এই মহোৎসৱ কুৰুক্ষেত্ৰৰ দৰে পবিত্ৰ ভূমিত অনুষ্ঠিত হৈছে৷

কুৰুক্ষেত্ৰৰ পৰাই গীতাৰ ঐশ্বৰিক বাৰ্তা ভগৱান কৃষ্ণই অৰ্জুনক প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰু ভগৱৎ গীতাৰ মহাকাব্যিক বৰ্ণনা দাঙি ধৰি অসমৰ সৈতে থকা গভীৰ সাংস্কৃতিক সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয় , “ভগৱান শ্ৰীকৃষ্ণ অসমৰ জোঁৱাই আছিল৷ কাৰণ তেওঁ ৰুক্মিণীক বিয়া কৰাইছিল, ৰুক্মিণী অসমৰ কন্যা। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আমাৰ সম্পৰ্ক অতি গভীৰ…”৷

কুৰুক্ষেত্ৰৰ আন্তৰ্জাতিক গীতা মহোৎসৱত যজ্ঞ, গীতাৰ পদ আবৃত্তি, ভক্তিমূলক গীত আৰু নাটকীয় প্ৰদৰ্শনকে ধৰি নানান ধৰণৰ আধ্যাত্মিক কাৰ্যকলাপৰ অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ দেশৰ বিদেশৰ পৰাও বহু ভক্তই আহি এই পৱিত্ৰ স্থানত একত্ৰিত হৈছে আৰু বিভিন্ন ৰীতি-নীতিত অংশগ্ৰহণ কৰিছে৷ গীতা মহোৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণে কেৱল হাৰিয়ানাতে নহয়, সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিশেষ গুৰুত্ব কঢ়িয়াই আনিছে। কাৰণ তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বিবাহ বৃত্তান্তৰ কথা এই অনুষ্ঠানৰ পৰাই বিশ্ববাসীক অৱগত কৰিবলৈ সক্ষম হৈছে৷

Leave A Reply