ভাৰততো সৃষ্টি হ’ব পাৰে শ্ৰীলংকা সদৃশ পৰিস্থিতি!

শ্ৰীলংকা সদৃশ পৰিস্থিতি সৃষ্টি হ’ব পাৰে ভাৰতত ! এই আশংকা ব্যক্ত কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱৰ। বিগত দিন কেইটাত শ্ৰীলংকাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক জৰুৰী অৱস্থা ঘোষণা কৰিবলীয়া হৈছে।দেশখনত কেৱল এতিয়া অৰাজকতা। চীনকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ ধাৰৰ বুজা কঢ়িয়াই ভাগৰি পৰা শ্ৰীলংকাৰ চৰকাৰে ধাৰ পৰিশোধ কৰিব নোৱাৰে বুলিও ঘোষণা কৰিছে। দেশখনত দেখা দিয়া এনে পৰিস্থিতিত মুদ্ৰাস্ফিতিৰ লগতে মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰিছে।

দেশখনৰ সাধাৰণ জনতাই চৰকাৰ তথা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিছে। বহু শ্ৰীলংকান নাগৰিকে দেশ এৰি ভাৰত তথা আন আন দেশলৈ গতি কৰিছে।শ্ৰীলংকাত সৃষ্টি হোৱা এনে পৰিস্থিতি ভাৰততো দেখা দিয়াৰ আশংকা ব্যক্ত কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱৰ লগতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।সমাজবাদী পাৰ্টীৰ সাংসদ গৰাকীয়ে সোমবাৰে সংসদৰ বাহিৰত সাংবাদিকৰ আগত কয় যে, শ্ৰীলংকাসদৃশ পৰিস্থিতি ভাৰততো ঘটিব পাৰে। কেন্দ্ৰৰ ওচৰত চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিবলৈও ধনৰ অভাৱ হ’ব। কেন্দ্ৰৰ ২ বছৰত ৪.২৭ লাখ কোটি টকাৰ এফচিআই ৰাজসাহায্য আছে। তেওঁলোকৰ ওচৰত কোনো ধন নাই। এই চৰকাৰ দেউলিয়া হৈছে।

আনহাতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থা বেয়া কিন্তু ভাৰতৰ অৱস্থা শ্ৰীলংকাৰ অৱস্থাতকৈ অধিক বেয়া। ইয়াত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে চিবিআই আৰু ইডি ব্যৱহাৰ কৰাৰ সলনি আমাৰ দেশৰ অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰিবলৈ সকলো ৰাজনৈতিক দলক মাতিব লাগে। উল্লেখ্য যে, ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’ল, ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে। ৮০০ বিধ জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে। গেছ চিলিণ্ডাৰৰ পৰা গাখীৰলৈকে দেশত বৃদ্ধি কৰা হৈছে মূল্য। আনহাতে দেশত বৃদ্ধি কৰা হৈছে টোল টেক্সকে ধকি অন্যান্য বহু টেক্স। এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে চৰকাৰ কেৱল টেক্স আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰিয়েই চলাবলগীয়া হৈছে। গতিকে এনে পৰিস্থিতি সাংসদ ৰামগোপাল যাদৱ আৰু মমতা বেনাৰ্জীৰ মন্তব্য গুৰুত্বপূৰ্ণ বুলি চৰ্চা চলিছে।

Related Articles