Breaking

ৰহাৰ মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁহাই থানত পৰম্পৰাগত হোমপুৰা সবাহ : পুনৰ নিৰ্মান কৰা মূল কীৰ্ত্তন ঘৰ মুকলি

0 1,623

ৰহাত এখন পুৰণি মহিমামণ্ডিত থানত চলিছে  নাম প্ৰসংগ ।হৰি নাম কীৰ্ত্তনেৰে মুখৰিত হৈছে থান খনৰ চৌদিশ ।আহোমৰ ৰাজত্ব কালৰ আগতে কছাৰী সকলৰ অধীনত থকা মধ্য অসমৰ কলঙৰ পাৰত কছাৰী ৰজাৰ অধীনত থকা ৰহাৰ দীঘলদৰিত কছাৰী সকলে প্ৰতিষ্ঠা কৰিছিল তিনিখন থান । তিনিজোপা আঁহতৰ তলত শিলৰ ক’লা – মটীয়া ,  আগজোঙা কেইবা বৰনৰ শিলপাতি পূঁজা কৰা বৰবৰী ,গোঁসাই বৰীত আজিও জংঘলত আছে যদিও কলঙৰ দক্ষিণ পাৰে থকা থানখনৰ কাষতে আহোমৰ ৰাজত্বকালত ৰহাচকীৰ তলতীয়া বিষয়া বৰুৱাৰ কোঠ পাতি দিয়াত থানখনৰ নামাকৰণ হৈছিল বামন গোঁসাই থান ।আজিৰ ৰহাৰ দীঘলদৰিৰ পূৱ মূৰত থকা  মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁহাই থানত পূৰ্বাপৰ ভাৱে পৰম্পৰাগত ভাৱে বিশেষ ৰীতি নীতিৰে পালিত হৈ আহিছে  কেইটামান বিশেষ লোক উৎসৱ । তেলপুৰা সবাহ , হোমপুৰা সবাহ কিছুদিন থানখনত পালিত হোৱা নাই যদিও প্ৰতি বছৰে বহাগ মাহত পালিত হয় হোমপুৰা সবাহ । পুৱা অকুমাৰী ছোৱালীয়ে পানী তুলি শিলৰ বিগ্ৰহক মাহ হালধীয়ে গা ধুৱাই , হোম যজ্ঞ কৰি নাম কীৰ্তন কৰে । প্ৰকৃতিৰ সুৰক্ষা আৰু  জনকল্যাণৰ বাবেই কেইবাশতিকা ধৰি  পালিত উৎসৱটো প্ৰতিবছৰে বহাগ মাহত পালিত হয় যদিও কভিড মহামাৰিৰ বাবে সকলো প্ৰস্তুতি সমাপ্ত কৰিও পাছোৱাব লগীয়া হয় ।সেয়ে আজি  আহিনত পাতিব লগীয়া হয় ‌। ৰহাৰ কলঙপৰীয়া  এক বৃহৎ অঞ্চলৰ ৰাইজে উপবাসে  এইলোক উৎসৱ পালন কৰে ।থানখনৰ মূল মন্দিৰ ভাগো ১১২ জন ভক্তগ দিয়া দান বৰঙনিৰে পুনৰ নিৰ্মান কৰি আজি ৰাইজে মুকলি কৰে ।

Leave A Reply