Breaking

দেওবাৰৰ পৰা চিৰাঙৰ বিজনীত আৰম্ভ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা। তেৰ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিজনীৰ লক্ষ্মী পূজা আৰু মেলা

0 398

চিৰাঙৰ বিজনীত আজিৰে পৰা আৰম্ভ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা।প্ৰস্তুতি তুংগত,তেৰ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিজনীৰ লক্ষ্মী পূজা আৰু মেলা।ইতিমধ্যে বিজনীত আহি উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ বিপণী।অসমৰ অন্যতম পূজা আৰু মেলাৰ ভিতৰত বিজনীৰ ঐতিহাসিক ৰজা দিনীয়া লক্ষ্মী পূজা আৰু মেলা। ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা এইবেলি ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব।কভিড পৰিস্থিতিৰ বাবে দুটা বৰ্ষ মেলা অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ পিছত এইবেলি ব্যাপক উলহ মালোহেৰে উদযাপন কৰিবলৈ লোৱা হৈছে ১৩১ সংখ্যক বিজনীৰ লক্ষ্মী পূজা আৰু মেলা।

মেলাত এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ, চাৰ্কাছ, মিণা বজাৰকে আদি আমোদজনক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব।তদুপলক্ষে আজি পূজা কমিটিৰ পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Leave A Reply