Breaking

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰডেকপাৰত(পূৱ) শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ

0 1,105

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰডেকপাৰত(পূৱ) শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অহা ১১, ১২, ১৩ আৰু ১৪ জেঠ (ইং ২৬, ২৭ ,২৮ আৰু ২৯ মে ) চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰডেকপাৰ গা‌ওঁ উন্নয়ন পুথিভড়াল আৰু যুৱক সংঘৰ প্ৰাংগণত উৎযাপন কৰা হব ।বিগত সময়ত বৰডেকপাৰ গাঁৱৰ আকস্মিক দূৰ্ঘটনাত বহু কেইগৰাকী ব্যক্তিয়ে অকালতে মৃত্যুক সাৱতি লবলগীয়া হৈছিল ।সেয়েহে মৃত ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তি কমনা কৰাৰ লগতে বৃহত্তৰ অঞ্চলবাসীৰ অসূয়া অমংগল নিৰাময় হৈ শান্তি বিৰাজ কৰাৰ উদ্দেশ্য আগত ৰাখি এই শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক মুখ্য সভাপতি জীতেন্দ্ৰ নাথ দাস কাৰ্যকৰী সভাপতি আৰু দিলীপ ভট্ট সাধাৰণ সম্পাদকৰ লগতে বহু কেইগৰাকী নেতৃস্থানীয় ব্যক্তিক প্ৰমুখ্য কৰি এখন পূৰ্ণাংগ যজ্ঞ উৎযাপন সমিতি গঠণ কৰা হৈছে।

এই মহান মাংগলিক অনুষ্ঠানৰ চাৰিদিনৰ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা যজ্ঞ উৎযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

Leave A Reply