আমাক হেজাৰখন হাত লাগে (Srimanta Dutta) যাৰ মন এটাই’ এই আপ্তবাণীক সাৰোগত কৰি সৃষ্টি হোৱা ’উত্তৰ পুৰুষৰ মঞ্চ’ৰ তৰফৰপৰা “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁটা” প্ৰদান কৰিবলৈ ওলাইছে এগৰাকী কৃতী শিক্ষক, সমাজ সংগঠক শ্ৰীমন্ত দত্তক। এই বঁটাত আছে নগদ ধনৰ উপৰিও সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এখন শৰাই, এখন গামোচা, এখন চেলেং চাদৰ আৰু কিতাপৰ টোপোলা। শ্ৰীমন্ত দত্ত ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰে খ্যাতিসম্পন্ন শিক্ষানুষ্ঠানত অনিৰ্বচনীয় প্ৰজ্ঞাৰ জ্যোতিৰে নিজৰ হৃদয় ৰাজ্য উদ্ভাসিত কৰি হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক।
কাব্যগ্ৰন্থ ‘বগা সাজ নিপিন্ধিবি আই’,গল্পপুথি ‘যাত্ৰা’ আৰু ‘মাজুলীৰ মৌ’ আদি তেখেতৰ সাহিত্য কৃতি। সংস্কৃতিৰ বিনন্দীয়া কৃষ্টিৰ পথাৰত সৃষ্টিৰ যুগমীয়া ঢৌ তুলি তেখেতে লিখা দুটাকৈ কাহিনী অসমীয়া বিনোদনধৰ্মী জনপ্ৰিয় ‘ৰং’ চেনেলৰ ধাৰাবাহিকভাৱে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে।
‘যাত্ৰা’ নামৰ ৱাটছ এপ গ্ৰুপৰ জন্মদাতা শ্ৰীমন্ত দত্ত নিজে কৰ্কট ৰোগৰ দৰে এটি মাৰাত্মক ৰোগৰ যুঁজাৰু হৈ দহ লাখতকৈও অধিক আৰ্তজনৰ ওপৰত ‘আকালৰ ভাত নিদানৰ মাত’ৰ ভূমিকাত অৱৰ্তীন হৈ এক অতুলনীয়, অনন্য আৰু অদ্বিতীয় মানৱীয় প্ৰমূল্যবোধৰ পৰিচয় দিয়া দত্তই সামাজিক মাধ্যম ফে’চবুকত এটি জনপ্ৰিয় সাহিত্য চৰ্চাৰ গ্ৰুপ ‘অনুশীলন’ৰ জন্ম দি সাহিত্যৰ জেতুকাবুলীয়া আকাশখনত যি সমুজ্জ্বল প্ৰভা সিঁচিবলৈ প্ৰয়াস কৰাৰ লগে লগে হাজাৰ হাজাৰ শুভাকাংক্ষীৰ সহযোগিতাত বিভিন্ন জটিল ৰোগাক্ৰান্ত ব্যক্তিক আৰ্থিক সাহাৰ্য, আৰ্থিক দৈন্য বহু ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে। ইউ টিউব চেনেল ‘শ্ৰীমন্ত মটিভেটৰ‘(Srimanta Motivator), ফে’চবুক পেজ ‘শ্ৰীমন্ত দত্ত অনুশীলন’ দ্বাৰা ছাত্ৰ-ছাত্ৰী তথা সমাজৰ মংগলৰ হ’কে বিভিন্ন উপাদেয় বাৰ্তা বহন কৰা ভিডিঅ’ৰ যোগেদিও সোণসেৰীয়া ঐকান্তিক সু-প্ৰচেষ্টা হাতত লৈ আহিছে।
বিনামূলীয়া চকু চিকিৎসা শিৱিৰ, নাৰী সবলীকৰণৰ পদক্ষেপ আদিৰ দৰে সামাজিক কাম কৰি অহা শ্ৰীমন্ত দত্তক ইতিমধ্যে শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা ২০২২,অসম হাৰ্ট, অল আসাম চছিয়েল ডেভল্পমেণ্ট, পশুধন বেংকৰ তৰফৰ পৰা ২০২২ চনত, অসম গৌৰৱ বঁটা আৰু একে বৰ্ষতে অসম স্কুল অৱ এজুকেশ্বনৰ উদ্যোগত চৈয়দ নিজামুল হক সোঁৱৰণী ‘মানৱ দৰদী’ বঁটা, শেহতীয়াকৈ যোৱা ৩ জুন তাৰিখে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱৰ ৬৭তম জন্ম দিনত সম্বৰ্ধনা জনোৱা ৬৭ জন ব্যক্তিৰ ভিতৰত অন্যতম একো একোটা সাফল্যৰ কীৰ্তিমাল্য। তেখেতৰ নিস্বাৰ্থ ত্যাগ আৰু বৰ্ণনাতীত সু-কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে চলিত মাহৰ ১৩ জুলাই উত্তৰ পুৰুষৰ মঞ্চ, অসমৰ জাঁজী শাখাৰ দ্বিতীয় বাৰ্ষিক মূল অধিৱেশনত এইবেলি “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁটা” আগবঢ়োৱা হ’ব বুলি মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে এক বিবৃতি যোগে জনাইছে।