শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ শঙ্কৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ শুভাৰম্ভ…

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, গোলাঘাট জিলা শাখাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ শঙ্কৰী সংস্কৃতি বিকাশ কেন্দ্ৰটিৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় । শুভ উদ্বোধন কৰে সংস্কৃতিবান ,বিশিষ্ট শিক্ষাবিদ তথা শ্বহীদ স্মৃতি খকন্দগুৰি ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ দেৱকান্ত সেনাপতি বাপজনাই । অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ সভাপতি বলীন বৰা, সম্পাদক অনন্ত কুমাৰ বৰাৰ লগতে ব্ৰহ্মপুত্ৰ আঞ্চলিক সেৱা বাহিনীৰ অধিনায়ক বিশ্বজিৎ হাজৰিকা। অনুষ্ঠানৰ আঁত ধৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰভাত বৰাই আৰু সঞ্চালনা কৰে সাংস্কৃতিক শাখাৰ সভাপতি মৃদুল বৰাই।


জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ আগ্ৰহী লোকে নামভৰ্তি কৰি গীত, নৃত্য আৰু খোল বাদ্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব । নামভৰ্তি মাচুলৰ ৫০ টকা আৰু মাহেকীয়া মাচুল ৫০ টকা । চলিত গ্ৰীষ্মবন্ধৰ সময়ছোৱাত পাঠ্যক্ৰম প্ৰদান কৰা হ’ব। গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ পিচত শনিবাৰ আৰু দেওবাৰে পাঠদান কৰা কৰা হ’ব । নামভৰ্তিৰ বাবে যোগাযোগ নম্বৰ- ৯১০১০৪৪১৯৯, ৯১০১৯৯৩৫৭০, ৯৮৫৯৩৭০৪১২।

Related Articles