আজি জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ (Srimanta Sankardev’s Tirobhav Tithi) ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যজুৰি পালিত হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰ হৈ পৰিছে চৌদিশ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ-শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে।

প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে পালন কৰি আহিছে শঙ্কৰদেৱৰ তিৰোভাৱ তিথি। প্ৰতিজন অসমীয়াই এই দিনটো শ্ৰদ্ধাৰে উদযাপন কৰে। তেৰা অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শন, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক। অসমৰ গাঁৱে-নগৰে, সত্ৰ-নামঘৰে গুৰুজনাৰ অমিয়া সৃষ্টিৰাজিৰ আজিও নিৰৱাচ্ছিন্ন চৰ্চা চলি আহিছে। এনে চৰ্চা চলাই অহা, কলিয়াবৰৰ এখন চিনাকি মুখ মুকুন্দ তামুলী।

পিতৃ পদাঙ্ক অনুকৰণ কৰি বৈষ্ণৱী নগঞা ওজাপালি আৰু কালি বাদ্য চৰ্চা আৰু প্ৰসাৰৰ লক্ষ্য কলিয়াবৰৰ মুকুন্দ তামুলী। নৱ-প্ৰজন্মৰ মাজত গুৰু দুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ বাবে সদা যত্নপৰ কলিয়াবৰ পূৱথৰীয়া গাঁৱৰ নিবাসী মুকুন্দ তামুলী অসমৰ বিহু প্ৰতিযোগিতাসমূহৰ চিনাকি পেঁপুৱা আৰু বিহুৱা আছিল। ভাওনাৰো এগৰাকী কুশলী কলাকাৰ আছিল। সমান্তৰালকৈ কেছেটৰ বাবেও বিহুগীত আৰু টোকাৰী গীত ৰচনা কৰিছিল।

যিসমূহ গীত জুবিন গাৰ্গ, কৃষ্ণমণি নাথ আদিৰ দৰে গায়কে কণ্ঠদান কৰিছে। কেছেট-ভিচিডিৰ প্ৰচাৰ কমি অহাৰ লগে-লগে শ্ৰীমন্তশঙ্কৰদেৱ-শ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু প্ৰসাৰত গুৰুত্ব দিয়াৰ লগতে পিতৃ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ প্ৰয়াত কুশল তামুলীৰ বিশেষ দক্ষতা থকা কালি বাদ্য আৰু বৈষ্ণৱী নগঞা ওজাপালিৰ চৰ্চা চলাই আহিছে। বৰ্তমান চৰ্চাৰ অভাৱত প্ৰায় লুপ্ত হ’বলৈ ধৰা গুৰুজনাৰ সৃষ্টিৰাজিৰে সংপৃক্ত এই দুয়োবিধ কলাক জীয়াই ৰখাৰ প্ৰতি আগ্ৰহী মুকুন্দ তামুলী।

