মঙলদৈৰ পি এম শ্ৰী (Srimanta Sankardev’s Tirubhav Tithi) মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশৰ। শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে মঙলদৈৰ পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিবেশৰ সৃষ্টি হয়।
হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে বিদ্যালয় চৌহদৰ আকাশ বতাহ। বিদ্যালয়ৰ প্ৰায় ১২০০ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে নাম কীৰ্তন কৰি হৰি নামৰ ধ্বনিৰে পৰিবেশ সজীৱ কৰে।
ৰাতিপুৱাৰে পৰা হিন্দু মুছলমান উভয় ধৰ্মাৱলম্বী ছাত্ৰীয়ে হৰি নামৰ ধ্বনিৰে পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে।
অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ বহু সংখ্যক শুভাকাঙ্খী লোক সকল উপস্থিত থাকে।

