অসমৰ জাতীয় জনক ,যুগস্ৰষ্টা ,আধ্যাত্মিক, সাংস্কৃতিক সকলো দিশৰ সৃষ্টি কৰা মহানায়ক তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰয়ানস্থলী ইতিপূর্বৰ ৰজা নৰনাৰায়ণ তথা চিলাৰায়ৰ ৰাজ্য কমতাপুৰ আৰু এতিয়াৰ পশ্চিমবংগ ৰাজ্যৰ কোঁচবিহাৰ জিলাত অৱস্থিত ঐতিহাসিক মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা বাদানুবাদ আৰু অতি বিতৰ্কিত মূলক প্ৰতিবাদী মন্তব্য ৰাজিত শেহতীয়াকৈ অসম-পশ্চিমবংগ ৰাজ্য চৰকাৰ ,ৰাজ্যবাসীকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আৰু বিভিন্ন সম্প্ৰদায়কে ধৰি কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ দল-সংগঠন আদিৰ মাজত তীব্ৰ অসন্তুষ্ট আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্রাপ্ত বাতৰিমতে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই কিছুদিন পূৰ্বে অসম-পশ্চিমবংগ চৰকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদী বিৰুদ্ধাচৰণ কাৰ্য্যত আজি সত্ৰ পৰিচালনা সমিতিৰ এক সভা অনুষ্ঠিত হয়।
বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন

