শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ কাৰ্যলয় মুকুলি। গোসাইগাঁৱ মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত ২০২৩ চনৰ ২৩ মাৰ্চত বৃহত্তৰ শ্ৰীৰামপুৰত ব্যৱসায় সকলৰ সুৰক্ষাৰ বাবে এখন ব্যৱসায় সমিতি গঠন কৰা হয়। বিপ্লৱ চক্ৰৱৰ্তীক সভাপতি আৰু সঞ্জীৱ শীলক সম্পাদক হিচাৱে লৈ ৩১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। যদিও শ্ৰীৰামপুৰ ব্যৱসা সমিতিখনৰ কাৰ্যলয় আজি আনুষ্ঠানিক ভাৱে মুকুলি কৰা হয়। উক্ত ব্যৱসায় সমিতিখনৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ সভাপতি বিপ্লৱ চক্ৰৱৰ্তী।
বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যাৰ সমাধান তথা দুখ দূৰ্দশাত সহায় কৰাৰ বাবে সমিতি খন গঠন কৰা হয় বুলি কয় শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ সভাপতি বিপ্লৱ চক্ৰৱৰ্তীয়ে। উক্ত অনুষ্ঠানত সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ শীল,উপসভাপতি মহাদেৱ ৰায়কে ধৰি সমূহ বিষয়ববীয়া সকল উপস্থিত থাকে।

