খালী পেটত দৈনিক খাবলৈ আৰম্ভ কৰক এটাকৈ আপেল…

আপেল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এবিধ ফল। হজম শক্তিৰ পৰা আৰম্ভ কৰি ছালৰ পৰা চুলিলৈকে সকলোৰে বাবে আপেল অতি উপকাৰী। দৈনিক এটা আপেল খালী পেটত খোৱাটো অতি পুৰণি উপদেশ। এই উপদেশ ঘৰৰ বয়োজ্যেষ্ঠসকলে সদায় মানি আহিছে। আপেল খালে কি কি লাভ হয় জানো আহক-

আপেল ফাইবাৰৰ অতি উত্তম উৎস। ইয়াৰ উপৰিও ই সোনকালে হজম হয়। আপেলে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে আৰু হজম শক্তি উন্নত কৰে।

উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে আপেল অতি উত্তম। ই কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা যিকোনো হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

পুষ্টিকৰ উপাদান সমৃদ্ধ আপেলত কুইৰচেটিন আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত শৰীৰক বহুত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ পুৰণি ৰোগ নিৰাময় কৰে।

আপেলত ভিটামিন ডিও থাকে যি হাড়ৰ বাবে অতি উত্তম। আপেল খোৱাৰ পিছত হাড়বোৰ মজবুত হৈ পৰে।

আপেল খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। ডায়েবেটিছ ৰোগীৰ বাবে আপেল অতি উত্তম।

আপেলত পোৱা ভিটামিন চিয়ে শৰীৰত সুস্থ কলাজেনক প্ৰসাৰিত কৰে।


Related Articles