Breaking

ওজন কমাবলৈ শুকান ফল খোৱাৰ আৰম্ভ কৰক…

0 70

ওজন হ্ৰাসৰ বাবে শুকান ফল অতি প্ৰয়োজনীয়। সকলো শুকান ফল স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু যদি আপুনি আখৰোটৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি ইয়াক দৈনন্দিন খাদ্য তালিকাত নিশ্চয় অন্তৰ্ভুক্ত কৰিব। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহৰ ওজন বৃদ্ধি পায়। কিন্তু মেদবহুলতা এনেকুৱা এটা সমস্যা যে দীৰ্ঘকালীনভাৱে ই উচ্চ বি পি, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ আশংকা সৃষ্টি কৰে, গতিকে স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে , তেতিয়া বুজিব যে এতিয়াৰে পৰা দৈনন্দিন খাদ্যাভ্যাস সলনি কৰাৰ সময় আহি পৰিছে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি দৈনিক আখৰোট খায়, তেন্তে ক্ৰমান্বয়ে ওজন নিয়ন্ত্ৰণত আহিব। এই শুকান ফল আপোনাৰ বাবে কেনেদৰে উপকাৰী জানক-

আখৰোট খোৱাৰ ১০ টা ডাঙৰ উপকাৰ-
১) আখৰোটত আইৰণ, কেলচিয়াম, কপাৰ, প্ৰটিন, মেগনেছিয়াম, ওমেগা ৩ ফেটি এচিড, ভিটামিন আৰু ফছফৰাছ আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।
২) যদি আখৰোট এবাৰ খোৱা হয়, তেন্তে বহুদেৰিলৈকে ভোক নালাগে , এই ক্ষেত্ৰত ই বৃদ্ধি পোৱা ওজন কমোৱাত সহায়ক হয়।
৩) আখৰোট খালে স্মৃতিশক্তি বৃদ্ধি পায়, যাৰ বাবে ছাত্ৰ-ছাত্ৰীক দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়।
৪) আখৰোট নিয়মিতভাৱে সেৱন কৰিলে হতাশা, টেনচন আৰু মানসিক চাপৰ দৰে সমস্যাৰ সৃষ্টি নহয়।
৫) আখৰোট খালে হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হয় আৰু হাৰ্ট এটেকৰ দৰে ৰোগ ওচৰলৈ নাহে।


৬) এই শুকান ফলত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে কোষ্ঠকাঠিন্যৰ দৰে পেটৰ কোনো সমস্যা নাথাকে।
৭) আখৰোট খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়।
৮ আখৰোটত লিনোলেনিক এচিড থাকে যিয়ে হাড় মজবুত কৰাৰ কাম কৰে।
৯) যিহেতু ইয়াত ওমেগা ৩ ফেটি এচিড থাকে, গতিকে ই গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী।

  1. আখৰোট খোৱাৰ ফলত কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে।
Leave A Reply