আৰম্ভ হ’ল দৰঙৰ ঘিলাকুৰিত বৰদলৈ ট্ৰফী ফুটবল…

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাকুৰিত ৬৮ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ ছয়খন খেল  কাইলৈৰ পৰা অনুষ্ঠিত হব ৷ চাৰিটা আগশাৰীৰ দলৰ মাজত এই প্ৰতিযোগিতা ২৫- ৩০ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া সন্মানীয় প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰিবলৈ আয়োজক জোন জ্যোতি প্ৰগতি সংঘই ইতিমধ্যে খেলপথাৰ সাজু কৰি তোলাৰ লগতে খেলুৱৈৰ বাবে সাজঘৰ, অতিথি-দৰ্শকৰ বাবে পেভিলিয়নৰ কাম সম্পূৰ্ণ কৰি তুলিছে ৷ দৰ্শকৰ বাবে দৈনিক টিকট ৩০ , ৫০, এশ আৰু ঋতুকালীন টিকটৰ বাবে পাঁচশ আৰু এহেজাৰ টকাকৈ নিৰ্ধাৰণ কৰিছে ৷ আজি এই প্ৰস্তুতিৰ লগতে বিয়লিৰ ধুমুহাজাকত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় দৰঙৰ আৰক্ষী অধীক্ষক তথা মঙলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি সুশান্ত বিশ্ব শৰ্মাই ৷

তেওঁ আয়োজক সমিতিৰ স’তে আলোচনাত মিলিত হৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ উল্লেখ্য যে ধুমুহাজাকত পেণ্ডেল, অস্থায়ী পেভিলিয়ন, তোৰণ আদিৰ ক্ষয়ক্ষতি হয় যদিও নিশাৰ ভিতৰতে সকলো ঠিক হৈ উঠিব বুলি উপ-সভাপতি ভূপেন ৰাজবংশীয়ে উৎসাজনকভাবে  কয় ৷ কাইলৈ প্ৰথমখন মেচ অইল ইণ্ডিয়া, ডুলীয়াজান আৰু তিনিচুকীয়া বডোছা স্পৰ্টচ ক্লাৱৰ মাজত অনুষ্ঠিত হব ৷ ইপিনে পোন প্ৰথমবাৰৰ বাবে জিলাখনত ঐতিহাসিক বৰদলৈ ট্ৰফীৰ খেল উপভোগ কৰিবলৈ ফুটবল প্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ প্ৰতিযোগিতাৰ আন দুটা দল হৈছে নগালেণ্ড পুলিচ আৰু চি আই এছ এফ, দিল্লী ৷

Related Articles