Breaking

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব! প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই সদৰি কৰে এই কথা…

0 25

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয় কমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে৷ পঞ্চায়ত নিৰ্বাচনেই নহয় নতুন ৰাজনৈতিক সমীকৰণৰো ইংগিত দিছে প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে৷ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয়ঃ “পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিটো মন আমি এইবাৰ আগৰ নিচিনাকৈ প্ৰদেশ কংগ্ৰেছৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিবলৈ বিচাৰিছো৷ আগতে আমাৰ বহু জেগাত বুথ কমিটি নাছিলে৷ আমি ভাবিছো যে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ কোন হ’ব সেয়া অগ্ৰাধিকাৰ ভিত্তিত বুথ কমিটিয়ে ঠিক কৰিব৷

সকলো যদি প্ৰদেশ কংগ্ৰেছত কৰো মণ্ডল কংগ্ৰেছত ক্ষমতা কি থাকিব? আঞ্চলিক পঞ্চায়তৰ সদস্য কোন হ’ব সেয়া মণ্ডল কংগ্ৰেছে সিদ্ধান্ত ল’ব৷ পঞ্চায়তৰ সভাপতি কোন হ’ব সেয়া ব্লক কংগ্ৰেছে সিদ্ধান্ত ল’ব? জিলা কংগ্ৰেছে সিদ্ধান্ত ল’ব জিলা পৰিষদৰ সদস্য কোন হ’ব? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মণিটৰিং যি কাম হ’ব সেয়া উপ-সভাপতি সাধাৰণ সম্পাদক আৰু সম্পাদকসকলে জিলাই জিলাই গৈ কাৰ্যকৰী কৰিব৷” ৪ জুনৰ ফলাফল ওলোৱাৰ ১০ দিনমানৰ পিছতেই পলিটিকেল এফেয়াৰ্চ কমিটিত এই সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব বুলি ভূপেন বৰাই সদৰি কৰে৷

Leave A Reply