Breaking

ৰাজ্যিক কৰ্মচাৰীয়ে চলিতে মাহতে ৩ শতাংশ মৰগীয়া বনাচ লাভ কৰিব :- বাসৱ চন্দ্ৰ কলিতা

0 2,280

তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ষষ্ঠ দ্বি- বাৰ্ষিক অধিবেশনখন বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় । বিয়লি তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেবেন দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি  সভাত নিৰ্দিষ্ট বক্তাহিচাৱে অংশ গ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই কয়  যে ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে এটি সুখবৰ চলিত মাহতে ৩ শতাংশ মৰগীয়া বনাচ লাভ কৰিব। পূৰ্বৰ এগৰাকী সম্পাদকে কৰ্মচাৰী পৰিষদত এক নায়কত্ব বাদ  চলা বুলি প্ৰচাৰ  চলাই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথা দোহাৰি তেওঁ কৰ্মচাৰী সকলক এনে অপপ্ৰচাৰত ভোল নগৈ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। কভিড পৰিস্থিতিৰ বাবে স্থৱিৰতা অহাৰ কথা দোহাৰি তেওঁ কয় কভিডৰ বাবে আমি মৃণাল দাসৰ দৰে  এগৰকী ভাল, দক্ষ নেতাক হেৰুৱাই মৰ্মাহত হোৱাই নহয়  তেওঁৰ মৃত্যুৰ পিচতে   পৰিষদখনৰ বিৰুদ্ধে এচাম লোকে ষড়যন্ত্ৰত লিপ্ত হৈ পৰিল ।  তথাপি কৰ্মচাৰী পৰিষদে বহি থকা নাই বুলিও তেওঁ উপস্থিত কৰ্মচাৰী সকলক আশ্বস্ত কৰি কৰ্মচাৰী পৰিষদৰ কিছু কামৰ খতিয়ান দাঙি ধৰি কয় বিদ্যালয় চৰকাৰীকৰণ , নতুন পেঞ্চন নীতিৰ ওপৰত আলোচনা কৰি পূৰনা পেঞ্চন  বাহাল ৰখাৰ বাবে পৰিষদে দাবী জনাই আহিছে । বিগত দৰমহা আয়োগ গঠনৰ  সময়ত কৰ্মচাৰীসকলে পাঁচ হাজাৰ টকা হেৰুৱাইছিল কিন্তু কৰ্মচাৰী পৰিষদৰ প্ৰচেষ্টাত হেৰুৱা ধন ঘুৰাই পাইছে ।  মৃনাল দাসক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা হিচাপে এখন কিতাপো উলিওৱা হৈছে  । মুখ্য অতিথিহিচাবে  অংশ গ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি   প্ৰদীপ দত্তই   মঞ্চত   থিয় হৈয়েই সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰয়াত  কেন্দ্ৰীয়  সাধাৰণ সম্পাদক মৃণাল দাসক স্মৰণ কৰে । তেওঁ প্ৰয়াত  মৃণাল দাসৰ ব্যক্তিত্ব ,কৰ্মদক্ষতাৰ ওপৰত সাৱলীল বক্তব্য প্ৰদান কৰে।  কৰ্মচাৰী পৰিষদে কভিড  অতিমাৰীৰ সময়ত হোৱা ল’ক ডাউনৰ বাবে বিশেষ কাম কৰিব পৰা নাই যদিও ৰাজ্যিক কৰ্মচাৰীসকলৰ  স্বাস্থ্য সেৱা আঁঁচনিখন  কাৰ্যকৰি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে আৰু  শীঘ্ৰে কাৰ্যকৰি হৈ উঠাৰ সম্ভাৱনা আছে । ৰাজ্যখখনৰ কৰ্মচাৰীসকলৰ প্ৰাপ্যখিনি আজুৰি অনাৰ বাবে চেষ্টা কৰি থকা বুলিও তেওঁ দোহাৰে ।  সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি সদৌ অসম কৰ্মমচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শ্যামন্ত দাসেও কৰ্মচাৰী পৰিষদৰ কামৰ কিছু খতিয়ান দাঙি ধৰি কয়-  ২০২০  চনৰ নৱেম্বৰত চৰকাৰৰ সৈতে আলোচনা কৰোতে নতুন পেঞ্চন নীতি সন্দৰ্ভত আলোচনা কৰোতে চৰকাৰী এই সমস্যা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বুলি উল্লেখ কৰে । কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ সকলো সমস্যা সমাধানৰ চেষ্টা চলাই আহিছে কিন্তু কৰ্মচাৰী পৰিষদৰ এচামে পৰিষদখনৰ বিৰুদ্ধাচাৰন কৰিবলৈ লোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ আখ্যা দিয়ে ।  মেৰাপানীত সীমা সমস্যা ,গোষ্ঠী সংঘৰ্ষ আদিত কৰ্মচাৰী পৰিষদে খবৰ লৈ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। মুুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দ্বীপেন শৰ্মা, কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান ,  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বশিষ্ঠ শৰ্মা  তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ , বিভুতি ডেকা , তামুলপুৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নাৰায়ন কলিতা , নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা উদয় বৰ্মন, সাংগঠনিক সম্পাদক পঙ্কজ বৰ্মন কোষাধ্যক্ষ  মনোৰঞ্জন শৰ্মাৰ ,তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ  সভাপতি চিনাকান্ত বসুমতাৰী ,সাধাৰণ সম্পাদক কন্দৰ্প তালুকদাৰৰ লগতে তামুলপুৰ জিলা আৰু কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া  আৰু কৰ্মচাৰীসকল উপস্থিত থাকে । ইপিনে দিনৰ ভাগত অনুষ্ঠিত তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভাত দেবেন দাসক সভাপতি আৰু  চক্ৰেশ্বৰ ডেকাক সাধাৰণ সম্পাদক  হিচাপে লৈ একত্ৰিশজনীয়া তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

Leave A Reply