Breaking

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি

0 556

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি আজি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

সেয়া হৈছে- ই-মেইল: assambudgetsuggestions@gmail.com ,হোৱাটছ এপ নম্বৰ: ৭৬৩৬৮৭৯০১৯
এই ব্যৱস্থাৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকেই আগন্তুক বাজেটত অন্তৰ্ভুক্ত হ’বলগীয়া উন্নয়নমূলক বিষয়সমূহৰ বিষয়ে অহা ৩ জুলাই পৰ্যন্ত আমাক অৱগত কৰিব পাৰিব বুলি ছোচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।। ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ বুদ্ধিজীৱি সমাজ, ব্যৱসায়িক সমাজকে আদি কৰি ৰাজ্যখনৰ বহু আগশাৰীৰ লোকৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰাত কিছু প্ৰতিবন্ধকতা থকাৰ বাবেই বিত্ত বিভাগৰ ফালৰপৰা এই ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা হৈছে বুলি ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে।আগন্তুক বাজেটত ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ ক্ষেত্ৰত উদগনি মূলক পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰা হৈছে।।

Leave A Reply