বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে পাব মাহেকীয়া ঋতুস্ৰাৱৰ ছুটী!

কেৰালা চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি সোমবাৰে কয় যে শিক্ষা বিভাগৰ অধীনৰ সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীক প্ৰদান কৰা হ’ব মাহেকীয়া ঋতুস্ৰাৱৰ ছুটী।

উচ্চ শিক্ষা মন্ত্ৰী আৰ বিন্দুৱে কয় যে কোচিন ইউনিভাৰ্ছিটী অব ছায়েন্স এণ্ড টেকন’লজী (চিইউএছএটি)ৰ দ্বাৰা নিজৰ ছাত্ৰীক মাহেকীয়া ঋতুস্ৰাৱৰ ছুটী প্ৰদান কৰাৰ সিদ্ধান্ত অনুসৰণ কৰি চৰকাৰে শিক্ষা বিভাগৰ অধীনৰ সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ত ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ এক ফেচবুক পোষ্টত কয়, ‘‘মাহেকীয়া ঋতুস্ৰাৱৰ ফলত ছাত্ৰীসকলে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ ছুটীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব।’’

Related Articles