Breaking

গহপুৰৰ গোপালপুৰত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ আৰম্ভ

0 24

গহপুুুৰ মহকুমাৰ গোপালপুৰত দেওবাৰৰ পৰা ৰাজ্যিক ভিত্তিত ভাওনা প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহখনি সদৌ গোপালপুৰ ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ শংকৰ-মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হয়।

এই ভাওনা প্ৰদৰ্শন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬ অনুষ্ঠানে অংশগ্ৰহণ কৰিব। দেওবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে পুৱা ৭ বজাত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশগ্ৰহণ কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি মানিক হাজৰিকা, যোগেন শইকীয়া, বগীৰাম ভূঞা, লক্ষেশ্বৰ শইকীয়া মহেন্দ্ৰ মুদৈয়ে। পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি ললিত ভূঞাই। ৯ বজাত স্মৃতিচাৰণ কাৰ্যসূচীত তৰ্পক হিচাপে অংশগ্ৰহণ কৰে ভাওনা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি বিমল ভূঞাই।

১০ বজাত জোনাকী ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা সমাজকৰ্মী প্ৰয়াত ঠগীৰাম ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে গহপুুুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বড়াই। লগে লগে মাকন ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা শংকৰী কলা-সংস্কৃতিৰ সাধক প্ৰয়াত গণেশ ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাই। দিনৰ ১০.৩০ বজাত প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰাৰ পাছতে টিঙালীবড়ি আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ আৰু বৰগীত পৰিৱেশন কৰা হয়।

দিনৰ ১.৩০ বজাত ধৰ্মালোচনী সভাখনি অনুষ্ঠিত হয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে এডিপি কলেজৰ সহযোগী অধ্যাপক ড॰ মিলন নেওগ, নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে। সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন কৰে যজ্ঞোৰাম ভূঞাই। সন্ধিয়া ৭ বজাৰপৰা প্ৰথম দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ হয়। এই কাৰ্যসূচী মুকলি কৰে স্থানীয় বিধায়ক উৎপল বৰাই। ভাওনা সমাৰোহ প্ৰথম দিনা টিঙালীবড়ি শিল্পী সমাজে গোলোক নেওগ আৰু পৰিয়ালৰ আহ্বান মৰ্মে ‘ৰামবিজয়’ নাট মঞ্চস্থ কৰাৰ লগতে মাজুলী আহতগুৰিৰ ভাঙোনমাৰী নাট্য গোষ্ঠীয়ে ডাঃ জীৱন্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘ধ্ৰুৱ চৰিত্ৰ’ মঞ্চস্থ কৰি শংকৰ-মাধৱ ক্ষেত্ৰ আধ্যাত্মিক ভক্তিৰসেৰে উজ্জীৱিত কৰি তোলে।

সোমবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৯ বজাত গোপালপুৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দিনৰ ১১ বজাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কমল ভূঞাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী উদ্বোধন কৰিব ভদ্ৰেশ্বৰী বৰাই। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকনাথ শইকীয়াই। বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামীয়ে সন্ধিয়া ৫.৩০ বজাত দ্বিতীয় দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব। সেই দিনা ঘনকান্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ শিল্পী সকলে ‘ৰুক্মিনী হৰণ’ নাটক মঞ্চস্থ কৰিব।

ঠিক সেইদৰে ডিম্বেশ্বৰ হাজৰিকা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে গোলাঘাট আৰু গহপুৰৰ সন্মিলিত শিল্পীসকলে ‘বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ’ মঞ্চস্থ কৰিব। ভাওনা সমাৰোহৰ শেষৰ দিনা পুৱা ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব। এই কাৰ্যসূচী উদ্বোধন কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাই।

১০ বজাত ৰজাবাৰী, কমলাপথাৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ হ’ব। দিনৰ ১২ বজাত মূল সভা অনুষ্ঠিত হ’ব। ললিত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰিব উৎপল বৰাই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। বিশিষ্ট অতিথি হিচাপে যোগেন্দ্ৰ নাথ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে বিধায়ক ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক পৃথ্বীৰাজ ৰাভা, বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়ক মানৱ ডেকাই।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নবীন শইকীয়াই। ৫.৩৯ বজাত অনুষ্ঠিত হ’বলগীয়া ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব গোপালপুৰ শাখা সাহিত্য সভাৰ সভাপতি লোকেন হাজৰিকাই। ৰজাবাৰী, সোলেঙী আৰু কমলাপথাৰ যুৱকবৃন্দৰ জৰিয়তে ‘গান্ধাৰীৰ কৃষ্ণ দৰ্শন’ আৰু ডিফলুসত্ৰৰ পাঞ্চজন্য শিল্পী সমাজে কুকিল ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘শ্ৰীৰামৰ লংকা গমন, মহী ৰাৱন বধ’ নাট মঞ্চস্থ কৰিব।

Leave A Reply