এগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা বিশিষ্ট ক্ৰিকেট প্ৰশিক্ষক মহ: নবাব আলীক সোমবাৰে পশুপালন আৰু পশু চিকিৎসা
বিভাগৰ মহানগৰীৰ চেনিকুঠীস্থ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিসংখ্যা শাখাৰ সংগণক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা সূত্ৰে উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়।
কবি, লেখক, পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নবাব আলী সন্দৰ্ভত সান্নিধ্যৰ স্মৃতি সুঁৱৰি তথা তেখেতে মৰমতে সকলোকে সুস্বাদু আহাৰ আপ্যায়ন কৰি অহা কথাটো ৰাজহুৱাকৈ স্মৰণ কৰে।

জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্যই নিজৰ দীৰ্ঘ ভাষণত কয় যে, ” অত্যন্ত আৱেগিক হৈ ক’ব পাৰি যে নবাব আলীৰ বিদায় হোৱা মানে পৰিসংখ্যা শাখাৰ এজন অভিভাৱক হেৰুওৱাৰ বেদনা; এগৰাকী মহান ক্ৰিকেটাৰৰ সান্নিধ্য পাই আমি নিজকে ধন্য মানিছোঁ, ত্ৰিশ বছৰে এইজন স্থিতপ্ৰজ্ঞ মানুহক সদায় একেই পাই আহিছো কি কাম কি কথা সৱতে, নিজ কৰ্ম সমাপনত তেখেত সঁচাকৈয়ে সিদ্ধ পুৰুষ, মানুহে নিজ দায়িত্ব পালন কৰাটো এটা সুন্দৰ আৰ্ট যিটো আছিল নবাব আলীৰ, মুঠতে কৰ্মযোগী এজনৰ বিদায়ত কাৰুণ্যতাই গ্ৰাস কৰিছে।”
ফুলাম গামোচা, লোক-সংস্কৃতিৰ উপাচাৰ থকা স্মাৰক ,মানপত্ৰেৰে নবাব আলীক সম্ভাষণ জনোৱা অনুষ্ঠানটিত ‘জোনাক’ মাহেকীয়া আলোচনীৰ পৰিয়ালবৰ্গৰহকেও মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই স্মাৰক,এটি চোলাৰে সন্মান যাঁচে। মীৰা দাস আৰু দীপক কাকতিয়ে গামোচা-চোলাৰে ব্যক্তিগতভাৱে সম্বৰ্ধনা জনোৱা বিদায় সভাত পৰিদৰ্শক শৈলেন কলিতাই ভাষণত নিয়মানুবৰ্তিতা, সততা, উদাৰতাৰ উদাহৰণ নবাব আলী বুলি কয়।

পশু চিকিৎসক ডা: অনুজ দত্তই শৈশৱৰ ক্ৰিকেট খেলত নবাব আলীক গুৰু ভজা বুলি কয়। নবাব আলীৰ সহধৰ্মিণী মামণি বেগমকো সম্বৰ্ধনা জনোৱা সভাত পশধন পিয়ল বিষয়া ডা: দ্বিজেন্দ্ৰ নাথ, নৃপেন দাস, চৰিফা বেগম, মাচুম স্মৃতি দত্ত, ৰঞ্জিত বৰ্মন,নয়নজ্যোতি দাস, হেমেন দাস, ৰফিক আলী, ৰাহুল ডেকা, সমৰজিৎ ৰামচিয়াৰী, মৌকন দাস, প্ৰণিতা মৌপিয়াসহ আন কেইবাজনো লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

