Breaking

শিলচৰৰ ডলু চাহবাগিচাত বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মৰাণত প্ৰতিমূৰ্তি দাহ আছাৰ… 

0 1,085

চৰকাৰে ডলু চাহ বাগিচাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰৰ ৮৭৩ একৰ ভূমিৰ চাহ গছ ধ্বংস কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰি আজি মৰাণ নগৰৰ মাজমজিয়াত আছাই এক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি মৰাণৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদীসকলে চৰকাৰৰ এই সিদ্ধান্তক চাহ শ্ৰমিক বিৰোধী বুলি অভিহিত কৰে আৰু চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি কয় তেওঁলোকে শ্ৰমিকৰ কথা চিন্তা নকৰি , কেৱল মালিকৰ হিতৰ কথা চিন্তা কৰিলে।

ফলত হাজাৰ হাজাৰ চাহ শ্ৰমিকক কৰ্মহীন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰেবিমানবন্দৰটো নিৰ্মাণ কৰিছে যদি চৰকাৰে সঁচাকৈয়ে চাহ শ্ৰমিকসকলৰ কল্যাণৰ কথা ভাবি আছে, তেন্তে চাহ শ্ৰমিকৰ সৈতে কোনো আলোচনা নকৰাকৈ ইমান ডাঙৰ সিদ্ধান্ত লোৱাত ক্ষুদ্ধ হৈ পৰে চাহ জনগোষ্ঠীৰ সংগঠনটো। লগতে তেওঁলোকে এই প্ৰতিবাদৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাই যে চৰকাৰে ডলু চাহ বাগিচাৰ চাহ গছ ধ্বংস কৰি বিমানবন্দৰ স্থাপন কৰা সিদ্ধান্ত বন্ধ কৰক অন্যথা আছাই  এক বৃহত্তৰ গণ আন্দোলন কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply