বুঢ়ীদিহিং মৌজাত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ

 তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল মাধৱপুৰ বৰডুমচা বজাৰ তিনিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে অসমৰ শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বৈদ্যুতিক নিয়মীয়াকৰণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে কোনো ধৰণৰ উন্নয়ন কৰিব নাই পৰা সেইয়া কৰ্মৰ মাজতে প্ৰকাশ পাইছে। ২৪ ঘন্টাই বিজুলী বাতি যোগান ধৰাৰ শ্লোগান গোৱা এই বিজেপি  চৰকাৰে প্ৰায় দুই ঘণ্টাও হঠিক ভাৱে বিজুলী বাতি যোগান ধৰিবলৈ সক্ষম হোৱা নাই।ইয়াৰ বাবে ৰাতিক দিন কৰি,দিনক ৰাতি কৰি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বুঢ়ীদিহিংবাসীৰ বহুলোকে নিজৰ দৈনন্দিন জীৱনৰ কাৰ্য্যসূচী সলনি কৰি সমস্যা সমাধানৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰে। বিজেপী চৰকাৰ গ বেগ, বিমল বৰা মুণ্ডবাদ, বিদ্যুৎ নিয়মীয়াকৰণ কৰিব লাগিবৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগানৰে অঞ্চলটোত এক মূহুৰ্তৰ বাবে যুকাৰণি সৃষ্টি কৰাৰ পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাৰ অন্তৰ্গত দ্বিতীয় বৃহৎ বজাৰ মাধৱপুৰ বৰডুমচাৰ প্ৰায় পাঁচ শতাধিক লোকৰ ভিৰৰ মাজতে বিমল বৰাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বিদ্যুৎ যোগানৰ ক্ষেত্ৰত সহায় হোৱাকৈ বৈদ্যুতিক কণ্ট্ৰল চেণ্টাৰ স্থাপন, কেবুল লাইন প্ৰদান আৰু ২৪ ঘণ্টাই বিজুলী বাতি যোগান ধৰিবলৈ হুংকাৰ প্ৰদান কৰে।সংগঠনটোৰ আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱা, সম্পাদক মন্টুশ মৰাণৰ লগতে অন্যান্য সংগঠনটোৰ বিষয়ববীয়াসকলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শক্তিমন্তিক  শ্ৰীঘেই উক্ত ব্যবস্থা গ্ৰহণ নকৰিলে সমূহ বুঢ়ীদিহিংবাসীক লগত লৈ  জংকী আন্দোলন কৰিবলৈ সাজু হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Related Articles