Breaking

হেপাটাইটিচ ‘এ’ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ পদক্ষেপ

0 71

উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ লোক কলনী, মধ্যম, ২৬ নং কলনী, হঠাৎ কলনী, কালিবাৰী, শ্ৰীনাথ পট্টি আদি অঞ্চলত হেপাটাইটিচ ‘এ’ ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কিছু সংখ্যক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে।

জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে উক্ত অঞ্চলৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগে উক্ত অঞ্চলত ব্লিছিং পাউদাৰ আদি বিতৰণ কৰিছে যাতে পানীৰ উৎস বিজাণু মুক্ত কৰিব পৰা যায়। এই অঞ্চলৰ ওচৰত থকা বৰফৰ উদ্যোগ (Ice-cream Factory) এটা নমুনাৰ প্ৰতিবেদন নোপোৱালৈকে ইতিমধ্যে বন্ধ কৰা হৈছে আৰু ইয়াৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা গোটে যোৱাকালি এই অঞ্চল পৰিদৰ্শন কৰি হোপাটাইটিচ ‘এ’ আক্ৰান্ত গৃহ সমূহলৈ গৈ এই ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। চিকিৎসক, লেবৰেটৰী টেকনিচিয়ান ইত্যাদিৰে সমৃদ্ধ গোটটোৱে অঞ্চলটোৰ পানীৰ উৎস সমূহৰ নমুনাও সংগ্ৰহ কৰিছে যাতে ৰোগৰ প্ৰকৃত কাৰণ উলিয়াব পৰা যায়।

জিলা প্ৰশাসনৰ তৰফৰ পৰা ২টা চিকিৎসকৰ গোট, তেজৰ নমুনা তথা সংস্পৰ্শৰ চিনাক্তকৰণৰ বাবে ২টা নিৰীক্ষণ গোট, ২টা জনসচেতনতাৰ গোটক প্ৰতিদিনে নিয়োজিত কৰা হৈছে। লক্ষণ থকা ৰোগীৰ তেজৰ নমুনা লগে লগে সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যাতে উপযুক্ত চিকিৎসা লগে লগে আগবঢ়াব পৰা যায়।

জিলা উপায়ুক্তই লক্ষণ থকা ৰোগীক সোনকালে চিকিৎসাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। ৰোগৰ লক্ষণ থকা ব্যক্তিয়ে গাৱঁলীয়া ঔষধ তথা নিজে ঔষধ সেৱনৰ পৰা বিৰত থাকি চিকিৎসকৰ পৰামৰ্শ লবলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনকে ধৰি জিলাৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লৈ আছে বুলিও তেওঁ কয়৷

Leave A Reply