Breaking

ৰঙিয়াত STF ৰ ড্ৰাগছ বিৰোধী অভিযানত ২.৫০ কোটি টকাৰ ড্ৰাগছ জব্দ ! ঘটনা সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ…

0 34

ৰঙিয়াত STF ৰ ড্ৰাগছ বিৰোধী অভিযান । ৰঙিয়াত পুৱতি নিশা STF ৰ সফল অভিযান ।জব্দ হৈছে 2,50,00000(2.5কোটি) টকাৰ মাৰাত্মক ড্ৰাগছ । 10,000 হেজাৰ তা য়াবা টেবলেট জব্দ ৰঙিয়াত । Addl. SP কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।

পশ্চিম বংগৰ পঞ্জীয়ন ভূক্ত WB 86 D 7907 মাৰুটি অ’ল্টো বাহনৰ দেচ ব’ৰ্ডৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই টেবলেট সমুহ । মণিপুৰৰ পৰা সংগ্ৰহ কৰি অনা এই মাৰাত্মক য়াবা টেবলেট খিনি কোচ বিহাৰৰ দুই যুৱকৰ তাত বিক্ৰী কৰিছিল ৰঙিয়াৰ খন্দিকৰৰ ইমৰান হুছেইনে ৰঙিয়াৰ পৰা য়াবা টেবলেট ক্ৰয় কৰিছিল কোচ বিহাৰৰ দুই ধৃত যুৱক ক্ৰমে ৰচিদুল মিয়া আৰু নয়ন মিয়া ।

ৰঙিয়াৰ পৰা কোচ বিহাৰলৈ এই য়াবা টেবলেট খিনি লৈ যাবলৈ অ’ল্টো বাহনৰ দেচ ব’ৰ্ডৰ ভিতৰত গোপনে সোমোৱাই থৈছিল । সম্প্ৰতি STF ৰ জালত তিনি ধৃত ক্ৰমে : কোচ বিহাৰৰ ৰচিদুল মিয়া,নয়ন মিয়া আৰু ৰঙিয়াৰ ইমৰান হুছেইন । উল্লেখ্য যে ড্ৰাগছ সাম্ৰাজ্যৰ ভিতৰত অতি মাৰাত্মক হিচাপে বিবেচিত এই য়াবা টেবলেট ।

Leave A Reply