Breaking

যোৰাবাটত এছটিএফৰ অভিযানত ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ জব্দ; গাড়ীসহ চাৰি আটক

0 87

এক বিশেষ সূত্ৰৰ পম খেদি এছটিএফ-অসমে বৃহস্পতিবাৰে পুৱা সোণৰ‌ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীৰ যোৰাবাটত এক অভিযান চলায়৷ এছটিএফ-ৰ এই অভিযানটোত স্থানীয় যোৰাবাট আৰক্ষীয়েও সহযোগিতা আগবঢ়ায়।

এছটিএফ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলটোৱে বৃহস্পতিবাৰে পুৱা ৯-৩০ বজাত মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা এমএ ০৫ এন ৮৭১২ নম্বৰৰ হুণ্ডাই এক্সেল গাড়ীখন যোৰাবাটত তালাচী চলায় আৰু তালাচীকালত গাড়ীখনত যাত্ৰা কৰি থকা চাৰিগৰাকী ব্যক্তিৰ হাতৰ পৰা চোৰাং ভাবে পৰিবহন কৰি নিয়া প্ৰায়‌ ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সোণ পাঁচডোখৰ আৰু গাড়ীখন জব্দ কৰাৰ লগতে ব্যক্তি চাৰিগৰাকীক কৰায়ত্ব কৰা হয়। বে আইনীভাবে আহৰণ কৰা সোণবোৰ মেঘালয়ৰ পৰা ৰাজস্থানলৈ‌ চোৰাং ভাৱে সৰবৰাহ কৰোতে কৰায়ত্ব কৰা লোক চাৰিগৰাকী ক্ৰমে, ৰাজস্থানৰ যোধপুৰৰ মঃ ইনায়ৎ আলি, মহম্মদ য়ুচুফ, মেঘালয়ৰ শ্বিলঙৰ ভীৰু সিং আৰু জন্নাৎ বেগম।

আতকাধীন ব্যক্তি চাৰিগৰাকীৰ‌ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ‌ উদ্দেশ্যে এছটিএফে তেওঁলোকক জব্দকৃত সামগ্ৰীবোৰৰ সৈতে স্থানীয় জোৰাবাট আৰক্ষীক চমজাই দিয়ে।

এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি তদন্ত চলোৱা হৈছে।

Leave A Reply