Breaking

ৰঙিয়াত ২৫ লক্ষাধিক মূল্যৰ চুৰি হোৱা সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ…

0 60

ৰঙিয়া চহৰৰ মাজমজিয়াৰ পৰা তিনিদিন পূৰ্বে নিশাৰ ভাগত এখন দোকানৰ সামগ্ৰী চুৰি হৈছিল । শনিবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা সামগ্ৰী সমূহ । উদ্ধাৰ হোৱা গেলামালৰ সামগ্রী সমুহৰ মুল্য প্ৰায় ২৫ লাখ টকা বুলি জানিব পৰা গৈছে। ৰঙিয়া চহৰৰ পোষ্ট অফিচৰ সন্মুখৰ পথৰ মালিয়া উপাধিৰ ব্যৱসায় এজনৰ AS 25 EC 2842 নম্বৰৰ ট্ৰাকখন চালকৰ সৈতে এক চক্ৰই নিশাৰ ভাগত ৰাখিথোৱা অবস্থাত চুৰি কৰিছিল । ৰঙিয়া আৰক্ষীয়ে ঘটনাৰ পিচৰ দিনাই ৰঙিয়া তিতকুৰীৰ পৰা উদ্ধাৰ কৰিছিল খালি ট্ৰাকখন ।

আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক আটক কৰাৰ পিচত ঘটনাৰ লগত গাড়ী চুৰি চক্ৰৰ ম’ষ্ট ৱান্টেড ৰঙিয়াৰ সমিপৰ ধুলবড়ীৰ নৱা আলী জড়িত থকা বুলি স্বীকাৰ কৰে । চালকজনে অবগত কৰা মতে ৰঙিয়াৰ সমিপৰ উলুবাৰীৰ টাইগাৰ বড়ো, ধুলবড়ীৰ ৰফিজ আলী আৰু আলী হুছেইনৰ ঘৰত তালাচী চলাই । তালাচীৰ সময়ত লুকুৱাই ৰখা অবস্থাত চুৰি হোৱা সামগ্ৰী সমুহ উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষী অহা আগতিয়া খবৰ পাই সামগ্ৰী মজুত ৰখা তিনিওজন ব্যক্তি পলায়ন কৰে । ইফালে ঘটনাৰ মুল নায়ক নৱা আলীক আটক কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যহত ৰাখিছে ।

Leave A Reply