ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত ‘অসমীয়া বাতৰি’ৰ সম্প্ৰচাৰ বন্ধ; প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘৰ

সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

অসমৰ সাংস্কৃতিক-বৌদ্ধিক কৰ্ষণৰ ভেটি তথা ঐতিহাসিক প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে “অসমীয়া বাতৰি” সম্প্ৰচাৰ বন্ধৰ জাননী প্ৰেৰণ কৰাক লৈ সৰৱ হৈ পৰিছে ভাৰতীয় গণনাট্য সংঘ।

সংগঠনটোৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে অসম তথা তেওঁৰ গৃহ জিলা ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত অনাতাঁৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ জাননী ধিক্কাৰজনক।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰসাৰ ভাৰতীয়ে তেওঁৰ কাৰ্যকালতে অসমীয়া ভাষাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্য সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ বিনিময় উপহাৰ নেকি বুলি কটাক্ষ কৰে ভাৰতীয় গণনাট্য সংঘৰ মুখ্য আহ্বায়ক সোণেশ্বৰ নৰহে।
গণনাট্য সংঘৰ তৰফৰ পৰা ওজা ধনেশ্বৰ শইকী‌য়া, গণসংগীত শিল্পী অমৰ কাকতি, প্ৰদীপ বৰুৱা, কবি পল্লৱ হাজৰিকা আৰু নাট্যকৰ্মী ভৰত চাহুৱে সম্বোধন কৰা সংবাদ মেলত সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই নিৰ্মাণ কৰা সকলো কলা-কুশলী, কবি-সাহিত্যিক, যুৱ বাহিনীৰ কণ্ঠসমূহ, বিশিষ্ট লোকসকল, বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্বত্‍ সমাজ, জাতীয় সংগঠনসমূহক মাত মাতিবলৈও কাতৰ আহ্বান জনায়।

উল্লেখযোগ্য যে গণনাট্য সংঘই সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ অভিসন্ধিত যদি জড়িত নাই, তেন্তে তেওঁক প্ৰত্যক্ষ হস্তক্ষেপ কৰি অসম তথা নিজ জিলাৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ অন্যথা নিজৰ ভাষাকো বিসৰ্জন দিয়া কলংকৰ ইতিহাস বহন কৰিবলৈ সাজু থাকিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান জনাই গণনাট্য সংঘই।

Related Articles