Breaking

অদ্ভুত শাস্তি! আইপেডত ৯৩ শতাংশ চাৰ্জ থকাৰ বাবেই বিদ্যালয়ত বন্দী কৰি ৰখা হ’ল ছাত্ৰীক

0 1,571

বিভিন্ন ধৰণৰ অপৰাধৰ বাবে বিভিন্ন শাস্তি বিহা হয়। ঘৰতে ভালদৰে অধ্যয়ন কৰি নহাৰ বাবে বা বিদ্যালয়ত দেৰীকৈ উপস্থিত হোৱা বাবে ছাত্ৰ-ছাত্ৰীক শিক্ষকে শাস্তি বিহিব পাৰে। কিন্তু আইপেডত ৯৩ শতাংশ চাৰ্জ থকাৰ বাবেই মাৰ্কিন যুক্তৰাজ্যৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ত বন্দী কৰি ৰখাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীৰ মাতৃয়ে এই বিষয়ে টুইট কৰি কৈছে যে বিদ্যালয় খনে ছাত্ৰ-ছাত্ৰীৰ আইপেডত ৯৭ শতাংশ চাৰ্জ থাকিব লাগিব বুলি যুক্তি দি তেওঁৰ কন্যাক শাস্তি বিহিছে। চেলিনা নামৰ মাতৃগৰাকীয়ে লিখিছে, “মোৰ ছোৱালীজনীক আটক কৰি ৰখা হৈছিল। কিয়নো তাই স্কুললৈ অহাৰ সময়ত তাইৰ আইপেডত ৯৩ শতাংশ চাৰ্জ আছিল।।

“ইপিনে বিদ্যালয়ৰ সহকাৰী অধ্যক্ষই জনাইছে যে শিশুসকলে তেওঁলোকৰ কমেও ৯৭ শতাংশ আইপেড চাৰ্জ কৰি বিদ্যালয়ত উপস্থিত থাকিব লাগিব। এই নিয়ম ভংগ কৰা যিকোনো লোকক শাস্তি দিয়া হ’ব।কিন্তু এনে অদ্ভুত নিয়মৰ আঁৰত কি কাৰণ আছে সেয়া বিদ্যালয় কৰ্তৃপক্ষই বাখ্যা কৰা নাই।

ছাত্ৰীগৰাকীক লঘু কথাতে গুৰু শাস্তি বিহাৰ কথাই টুইটাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহুতে বিদ্যালয় কৰ্তৃপক্ষক সমালোচনা কৰাও দেখা গৈছে।

Leave A Reply