সমগ্র অসমৰ লগতে যোৱা কালি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মিচন বসুন্ধৰা আঁচনিৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰিবলৈ এক সজাগতা কায্যসূচী হাতত লৈছে।মোৰ মাটি মোৰ অধিকাৰ।এই কথা সাধাৰণ ৰাইজক অৱগত কৰাৱ বাবে মৰিগাঁও প্ৰশাসনে লাংৰা গ্ৰুপৰ দ্বাৰা বাট নাট প্ৰদৰ্শন কৰা হয়। লাহৰীঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা লাহৰীঘাট অঞ্চলৰ ৰাইজক মিচন বসুন্ধৰা আঁচনিৰ মূল কথা বুজাৱ প্ৰয়াস কৰিছে। এই কাৰ্যসূচীত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুৰ লগতে কাৰ্যালয়ৰ বাকি কৰ্মচাৰী সকলো উপস্থিত আছিল।

