কালী মন্দিৰত গৰুৰ মাংস পেলোৱাক লৈ তীব্র উত্তেজনা

ধুবুৰী জিলাৰ  হালাকুৰাৰ জিনকাটা গাঁৱৰ শ্মশান কালী  মন্দিৰৰ চৌহদৰ ভিতৰত কালি পুৱা দুষৃকতিকাৰীয়ে সন্দেহজনক গৰুৰ মাংস পেলাই থৈ যোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও  উত্তেজিত ৰাইজে পথ বন্ধ কৰি ঘটনাৰ উচিত তদন্ত বিচাৰে৷ এই ঘটনাক কেন্দ্র কৰি  কেইবাশ লোক উপস্থিত  হৈ দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷

পিছত ধুবুৰী জিলা আৰক্ষী অতিৰিক্ত অধীক্ষক ৰোজী ৰাণী শর্মা উপস্থিত হৈ ৰাইজক বুজনি দি পৰিস্থিতি শান্ত কৰে৷ অৱশ্যে দুই দিনৰ ভিতৰত দোষীক কৰায়ত্ত কৰিব বুলি প্রতিশ্রুতি দিয়াতহে ৰাইজ শান্ত হয়৷ আনহাতে, মান্নাফ আলী আৰু আজিজ হক নামৰ লোক দুজনে অবৈধ গো–মাংসৰ বিক্রী বন্ধ কৰিব বুলি বিষয়াগৰাকীয়ে ৰাইজক প্রতিশ্রুতি দিয়ে৷

Related Articles