সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোণাৰ ভাইৰাজ যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে ঠিক সেই ভাবেই অসম ৰাজ্যৰ বিভিন্ন জিলাত দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চৰকাৰ তথা ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কৰোণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে যি নিয়ম নীতি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধি দিছে তাক আখৰে আখৰে পালন কৰিবলৈ দঃশালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে মাইক যোগে ৰাইজক সজাগ হবলৈ আহ্বান কৰিছে। মাস্ক সকলোকে পৰিধান কৰিব লাগিব, হাট বজাৰ লগতে দোকান পোহাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে স্কল, কলেজ, চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত, বেচৰকাৰী সংস্থা আদিত কাম কৰা কৰ্মচাৰীক ৫০ শতাংশ উপস্থিত থাকাৰ যি নিদেৰ্শ দিছে তাক পালন কৰিবলৈ আহ্বান জনায়। মাস্ক পৰিধান নকৰি অযথা ভাবে হাট বজাৰত গলে ১০০০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

