Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘটঃ শিৱসাগৰত সংবাদমেল শ্ৰমিক-কৃষক সংগঠনৰ, বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান; বন্ধ হ’ব ৰাজহুৱা পৰিবহণ

শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন,(Strike)আঞ্চলিক তথা স্বতন্ত্ৰ শ্ৰমিক সন্থা আৰু সংযুক্ত কৃষক মৰ্চাই আজি শিৱসাগৰ নগৰৰ চিপিআই কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ ৯ জুলাইত দেশজোৰা সাধাৰণ ধৰ্মঘট সন্দৰ্ভত আয়োজন কৰা এই সংবাদ মেলত বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা শ্ৰমিকবিৰোধী শ্ৰম সংহিতা বাতিল, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা তথা কৃষকক কৃষি ভূমিৰ পৰা কৰা উচ্ছেদ বন্ধৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে বুলি আজিৰ সংবাদ মেলত অৱগত কৰে৷ এই ধৰ্মঘটৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে ৰাজহুৱা পৰিবহণৰ চলাচল বন্ধ থকাৰ লগতে সকলো বেংক, বিত্তীয় প্ৰতিষ্ঠান, বীমা কোম্পানী আদিকে কৰি অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব বুলি আজিৰ সংবাদ মেলত সদৰী কৰে৷

সংবাদমেলত বিজেপি চৰকাৰৰ এঘাৰবছৰীয়া শাসনক তীব্ৰ সমালোচনা কৰে শ্ৰমিক সংগঠনসমূহে৷ বিজেপিৰ কু-শাসনৰ ফলত দেশৰ শ্ৰমিক, কৃষক তথা শ্ৰমজীৱী লোকৰ জীৱন আৰু জীৱিকাৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি পুঁজিবাদীৰ স্বাৰ্থত শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰিবলৈ চাৰিখনকৈ শ্ৰম সংহিতা প্ৰৱৰ্তন কৰিছে বুলিও অভিযোগ কৰে৷ আগন্তুক জ্ঝ জুলাইৰ ধৰ্মঘটৰ লগত সংগতি ৰাখি সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা, শ্ৰমিকৰ নূ্যনতম মজুৰী মাহিলি চ্ছ,০০০ টকা ধাৰ্য কৰা, মটৰ শ্ৰমিক কল্যাণ আঁচনি নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকালৈ বৃদ্ধি কৰা, অ’এনজিচিৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি আনুষংগিক দাবীও উত্থাপন কৰে শ্ৰমিক-কৃষক সংগঠনসমূহে৷ আজিৰ সংবাদ মেলত পূৰ্ণকান্ত গোহাঁই, মদন বৰুৱা, প্ৰণামী গগৈ, প্ৰবীণ বৰুৱা আদি উপস্থিত থাকি সংবাদ মেল সম্বোধন কৰে৷

Related Articles