কলিয়াবৰত ধুমুহাই প্ৰাণ ল’লে এজন যুৱকৰ।(Strom) ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি ল’লে এজন যুৱকে। কলিয়াবৰ সমজিলাৰ উলুৱনি আৰক্ষী নীৱেশৰ সমীপত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো।(Kaliabor)
ধুমুহাত গছৰ ডাল ভাঙি যুৱকজনৰ গাত পৰাত ততাতৈয়াকৈ আহত যুৱকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।
মৃত যুৱকজনৰ নাম জীৱন বিশ্বাস। নিজৰ ঘৰৰ চোতালতে সংঘটিত হৈছিল কৰুণ দুৰ্ঘটনাটো।
নেৰানেপেৰা বৰষুণৰ ফলত বুডঢ়াপাহাৰত ৰাষ্ট্ৰীয় পথত গছ বাগৰি যাতায়ত স্তব্ধ হৈ পৰে। তদুপৰি, কলিয়াবৰৰ ৰাজপথৰ দিনৰ ভাগত কেইবাটাও দুৰ্ঘটনা সংঘটিত হয়।