Breaking

সদৌ কুলি-কমান অপৃন কেবাঙক কেন্দ্ৰ কৰি কমান অপৃণ কেবাঙৰ তীব্ৰ প্ৰতিক্ৰিয়া

0 243

কুলি-কমান অপৃণ কেবাঙক কেন্দ্ৰ কৰি মিচিং সমাজৰ লগতে তাকাম কমান অপৃণ কেবাঙৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কমান অপৃণ কেবাঙে কুলি-কমান অপৃণ কেবাঙক ভূৱা আৰু কমান অপৃণ কেবাং বিৰোধী আখ্য দিছে ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত কমান অপৃণ কেবাঙৰ কেন্দ্ৰীয় সভাপতি নন্দেশ্বৰ কমান আৰু সম্পাদক


চিদানন্দ কমান কয় যে, ধেমাজি জিলাৰ চিলাপথাৰৰ বৰমুকলিত কুলি-কমান অপৃণ অনুষ্ঠিত হোৱটো সম্পূৰ্ণৰূপে কমান অপৃণ বিৰোধী আৰু বে-আইনী ৷ চিলাপথাৰৰ বৰমুকলিত কুলি-কমান অপৃণ কেবাঙৰ কোনো অধিবেশন অনুষ্ঠিত হোৱা নাই । বৰমুকলিৰ জননেতা ৰমেশ মোহন কুলি ক্ষেত্ৰত কুলি অপৃনৰহে অধিৱেশন অনুষ্ঠিত হৈছিল । উক্ত অধিৱেশনত কালিৰাম কুলি সভাপতি আৰু কলেশ্বৰ কুলিক সম্পাদক হিচাপে লৈ কুলি অপৃনৰ নতুন সমিতি গঠন কৰা হয়। কমান বা কামান অপৃন কেবাঙৰ গোত্ৰ বেলেগ আৰু কুলি অপৃন কেবাঙৰ গোত্ৰ বেলেগ । কুলি অপৃন কেবাং বহুপুৰণি সংগঠন কিন্তু কমান অপৃন কেবাং ২০১২ চনত জন্ম লাভ কৰা এটা কমান গোত্ৰীয় সংগঠন । সদৌ কমান অপৃন কেবাঙৰ নিজস্ব বৈশিষ্ট্য আৰু নিজস্ব সংবিধান আছে। ২০১৪ চনত গোগামুখৰ মইনাপাৰাত কমান অপৃণৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয় আৰু ২০১৮ চনত মাজুলী জিলাৰ চিতাদাৰচুকত দ্বিতীয় অধিবেশন অনুষ্ঠিত হয় । অতি দুখৰ বিষয় যে, বিগত ২৮ আৰু ২৯ মে’ত কুলি কমান নামৰ তথাকথিত ভুৱা সংগঠন জন্ম দিয়াত কমান অপৃন কেবাঙে তীব্ৰ বিৰোধিতা কৰাৰ লগতে সংগঠনটো বিধিগত নহয় বুলি প্ৰকাশ কৰিছে। ১৯৭৮ চনত সদৌ অসম কুলি-কমান অপৃণ কেবাঙৰ জন্ম হয় বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷

তথাকথিত লেখক কনক কুলিয়ে ৰমেশ মোহন কুলিৰ জীৱন দৰ্শন নামৰ গ্ৰন্থৰ ৭নং পৃষ্ঠাত কমান উপাধি কুলিৰ উপ-গোত্ৰ বুলি লিখি কমান বংশৰ স্বাভিমানত আঘাত আনিছে। ১৮৮১,১৮৯১,১৯০১,১৯১১,১৯২১ চনত অসমত ব্ৰিটিছ চৰকাৰে অনুসূচিত জনজাতি আৰু অনুসূচীত জাতিৰ ওপৰত জৰীপ আৰু পিয়ল কৰি ১৯৬১ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত প্ৰায় ২৬ টা মিচিং উপাধি উল্লেখ আছে । সেই তালিকাত কমান উপাধি সোণালী আখৰেৰে জিলিকি আছে। ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত ”কুলি” উপাধি সন্নিবিষ্ট নাই। কুলি অপৃনলৈ কমান অপৃন কেবাঙৰ প্ৰশ্ন- সেই সময়ত কুলি বংশধৰ সকল অসম বা অৰুণাচল প্ৰদেশত নাছিল নেকি ? তেওঁলোকে সদৌ কুলি অপৃনক অবৈধ আখ্যা দি আহিছে আৰু ভৱিষ্যতেও দি যাব ৷ প্ৰয়োজনত আদালতৰ কাষ চাপিবলৈ বাধ‌্য হ’ব ৷ ১৯৫১ চনৰ লিগেছি ডাতাৰ জৰিয়তে কমানক কুলি নিলিখিবলৈ আহ্বান জনাইছে সদৌ কমান অপৃন কেবাঙে।

Leave A Reply