Breaking

গা ধুবলৈ গৈ কাৰিপাৰাত ছাত্ৰৰ মৃত্যু

0 407

নদীত গা ধুবলৈ গৈ মৃত্যুক সাৱটিলে গোৱালপাৰা জিলাৰ কাৰিপাৰাৰ ত্ৰৈলোক্য নাথৰ লৰা তথা দশম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়তম নাথে।
দুপৰীয়া ১১.৩০ মান বজাত কাৰিপাৰা গাঁৱৰে হাব্ৰী নদীত গা ধুবলৈ গৈছিল।গা ধুই থাকোতে হঠাৎ নৈৰ তলিৰ ভাগত সোমাই পৰে প্ৰিয়তমে।স্থানীয় ৰাইজে খবৰ পোৱাৰ লগে লগেই নদীত বিচাৰিবলৈ ধৰে যদিও প্ৰায় ১ ঘণ্টামান পাছত হে পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নদীৰ পৰা উঠাই উন্নত চিকিৎসাৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে প্ৰিয়তমক চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।নাথৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ কাৰিপাৰা অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাই শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ শোক বাৰ্তা প্ৰেৰণ কৰে ।

Leave A Reply