নলবাৰীৰ ঐতিহ্যমণ্ডিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় ৷
দেওবাৰে পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় ৷ অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰায় ৮০ গৰাকী প্ৰাক্তন শিক্ষাৰ্থী আৰু জীৱিত ৯ গৰাকী সেই সময়ৰ শিক্ষাগুৰুৰ লগতে বিদ্যালয়খনৰ বৰ্তমানৰ কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সন্মিলনত স্বনামধন্য কৃতী অৱসৰ প্ৰাপ্ত অধ্যক্ষ ক্ৰমে খলিলুৰ ৰহমান, বীৰেন্দ্ৰ কুমাৰ ঠাকুৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ শৰ্মা, নৃপেন্দ্ৰ কুমাৰ ভাগৱতী আদি কেইবাজনো উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ তদুপৰি অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন কুমাৰ ভাগৱতীয়ে সুন্দৰ সংগীত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
উল্লেখ্য যে, ১৯৮৫ শিক্ষাবৰ্ষটোৰ প্ৰায় ৮০ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৯ গৰাকীকৈ স্বনামধন্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আজি ৩৭ বছৰ পাছত একেলগে সমবেত হৈ আবেগবিহ্বল হৈ পৰে। অনুষ্ঠানৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ বৰ্মনে। ইয়াৰ পিছতে পৰেশ ভাগৱতী আৰু সুকুমাৰ শৰ্মাই শ্বহীদ তৰ্পণেৰে প্ৰয়াত শিক্ষাগুৰু আৰু প্ৰয়াত সহপাঠীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে সুভাষ ভট্টাচাৰ্য, কন্দৰ্প বৰ্মন, বাণীকান্ত নাথ আৰু দীপক হালৈয়ে। মন কৰিবলগীয়া যে, ইয়াৰ পাছতেই ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুশীল মজুমদাৰৰ সভাপতিত্বত মুকলি সমাৰোহ অনুষ্ঠিত হয় যিটো অনুষ্ঠানৰ আঁত ধৰে বলভদ্ৰ নাথে।