Breaking

মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…

0 36

উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচী নিগমে। ৯৮.৫ শতাংশ নম্বৰ পোৱাৰ পিছতো প্ৰাচীক বহুতে প্ৰশংসা কৰাৰ সলনি ছ’চিয়েল মিডিয়াত দৃষ্টিকটুভাবে ট্ৰ’ল কৰিছে। প্ৰাচী এতিয়া নেটৰ পৃথিৱীত কুৎসিত ট্ৰলিঙৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ কাৰণ আন একো নহয়, প্ৰাচীৰ মুখত থকা অতিৰিক্ত নোমৰ বাবেই মেধাবী ছাত্ৰীগৰাকী ট্ৰ’লৰ সন্মুখীন হৈছে। নেটিজেনৰ এটা অংশই তেওঁক ভাবিব নোৱাৰা ধৰণে তাচ্ছিল্য কৰিছে। প্ৰাচীয়ে অৱশেষত ট্ৰলিঙৰ সঁহাৰি দিছে। তেওঁ কৈছে যে তেওঁ পোৱা নম্বৰেই শেষ কথা, মুখত থকা অতিৰিক্ত আৰু অবাঞ্ছিত চুলি নহয়। একাংশ নেটিজেনৰ আচৰণে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ মনোজগতত কেনে প্ৰভাৱ পেলাব সেই কথা সহজেই অনুমেয়। নেটৰ পৃথিৱীত মানুহক মানসিকভাবে নিঃশেষ কৰি দিবলৈ একাংশই যেন খাপ পিটি থাক। সেইসকল লোকৰেই এতিয়া তাচ্ছিল্যৰ চিকাৰ হৈছে প্ৰাচী।


তাচ্ছিল্যৰ বাবে ছাত্ৰীগৰাকীৰ মনত কিমান আঘাত লাগিছে তাকে লৈ ট্ৰ’লাৰসকল চিন্তিত নহয়। প্ৰায় ১০০ শতাংশ নম্বৰৰ সৈতে ৰাজ্যখনত সৰ্বশ্ৰেষ্ঠ হোৱা স্বত্বেও কেৱল মুখৰ অতিৰিক্ত চুলিৰ বাবেই তেওঁক এনেদৰে ট্ৰ’ল কৰাটো কথাই সচেতন মহলক আচৰিত কৰি তুলিছে। এনে তিক্ত অভিজ্ঞতাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাচীয়ে কয়, “মই মানুহক মোক ট্ৰ’ল কৰা দেখিছো। কিন্তু এয়া মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয়। কিয়নো মোৰ নম্বৰহে সঁচা, মুখৰ অতিৰিক্ত চুলি নহয়। আনকি চাণক্যয়ো তেওঁৰ চেহেৰাক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু সেই কথাই তেওঁক প্ৰভাৱান্বিত কৰা নাছিল। “অৱশ্যে, প্ৰাচীয়ে এয়াও বুজি পায় যে সকলো নেটিজেন একে নহয়। বহুতে তেওঁক ট্ৰ’ল কৰাৰ বিপৰীতে আন বহুতে আকৌ তেওঁৰ কাষত থিয় দিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ছোৱালীজনীৰ সৈতে কথা পাতিছে। তেওঁ প্ৰাচীক আন একো চিন্তা নকৰাকৈ আপোনাৰ পঢ়াশুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। বহুতে প্ৰাচীক তেওঁৰ সাফল্যৰ বাবে প্ৰশংসাৰে ওপচাই দিছে।

Leave A Reply