শিলচৰ ৰেল ষ্টেচনত ১৭ আৰু ১৮ অক্টোবৰত বৰাকৰ একাংশ বাঙালী সম্প্ৰদায়ৰ দষ্কৃতিকাৰীয়ে অসমীয়াৰ স্বাভিমানত গুৰুতৰভাৱে আঘাত হানিছে । অসমতে অসমীয়াৰ ভাষা ধ্বংস কৰাৰ বাবে একাংশলোকৰ চলি আছে ব্যাপক গতিত ষড়যন্ত্ৰ । কাৰণ বৰাকত মুকলিকৈ অসমীয়া ভাষাৰ ওপৰত চলা আক্ৰমণেই তাৰ প্ৰমাণ । অসমক কোনো কাৰণতেই ত্ৰিপুৰা বা কাশ্মীৰ হ’বলৈ দিয়া নহ’ব । ৰাজ্যখনত ৰাজ্য ভাষা আইনমতে অসমীয়া । তেনেস্হলত শিলচৰ ৰেল ষ্টেচনত এখন জল জীৱন মিছনৰ চৰকাৰী ভাষাৰ ফলকত ক’লা ৰং সানি ‘ বাংলা লিখুন ‘ বুলি একাংশ দুস্কৃতিকাৰীয়ে অসমীয়া ভাষাক অপমান কৰি অসমীয়া আৰু বাঙালী সম্প্ৰদায় লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবহে বিচাৰিছে । গতিকে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব বিচৰা অথবা ভাতৃত্বভাৱে থকা দুয়োটা সম্প্ৰদায়ক সমাজত বিভাজনৰ সৃষ্টি ৰাজনীতি কৰিব বিচৰা এনে লোকৰ বিৰুদ্ধে শীঘ্ৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলি সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ এলেকাস্হ মাজবাট আঞ্চলিক ছাত্ৰ সন্থাই আজি মাজবাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আজি মাজবাট থানাত এই এজাহাৰ দাখিল কৰাৰ সময়ত মাজবাট শাখা সাহিত্য সভা আৰু মাজবাট আঞ্চলিক জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছিল বুলি মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু কলিতাই আজি এক প্ৰেছ বিবৃতি যোগে জনোৱাৰ লগতে ৰাজ্যখনত দুয়োটা সম্প্ৰদায়ৰ লোককে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

