Breaking

ৰঙাপানীত ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ। উৎফুল্লিত শিক্ষক, ছাত্র ছাত্ৰী

0 123

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ ৰঙাপানীস্ত শংকৰ-আজান একাডেমীত এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। মাছুমা চুলতানা, নাৰ্জিনা খাতুন, জেনিফা নাছৰিন সহ তিনিজনে ষ্টাৰ

(৮৩.৪ %) নম্বৰ লাভ কৰাৰ লগতে প্ৰথম বিভাগত ১৫ জন, দ্বিতীয় বিভাগত ১৩ জন আৰু তৃতীয় বিভাগত ৯ জনসহ মুঠ ৪০ জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়।

উল্লেখ্য যে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰী তিনিগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ। আন আন বছৰৰ দৰে এই বছৰতো একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সফলতা দেখুৱাবলৈ সক্ষম হৈছে। সফলতা দেখুৱা ছাত্ৰ ছাত্ৰীক বিদ্যালয় কতৃপক্ষই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

Leave A Reply