Breaking

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত জীৱন দক্ষতাৰ(Life Skills) ওপৰত ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয়ৰ সহযোগত ছাত্ৰ- ছাত্ৰীৰ মাজত আলোচনা চক্ৰ

0 251

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু এলুমিনি এছ’চিয়েছন সহযোগত সোমবাৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত Life Skills প্ৰশিক্ষণৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। হাইদৰাবাদৰ ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয় আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপীকা য়মখ্যা ফাকেই আঁ‌ত ধৰা অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অতনু কাকতিয়ে পৌৰহিত্য কৰে।

সভাৰ আৰম্ভণিতে আলোচনা চক্ৰখনৰ উদেশ্য বাখ্যা কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ  সন্থা সমিতিৰ সম্পাদক তথা ব্যৱস্থাপনা বিভাগৰ অধ্যাপক অঞ্জন কুমাৰ বৰদলৈয়ে। ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয়ৰ পৰা অহা সমল ব্যক্তি ক্ৰমে মেঘালী গগৈ বৰবৰুৱা, দ্বিগবিজয় তীৰ্কি আৰু চৈয়দ ৰিদুল হুচেইনে ছাত্ৰ ছাত্ৰী সকলৰ জীৱনত অতিকৈ প্ৰয়োজনীয় Soft Skills সম্পৰ্কে ভাষণ প্ৰসংগত উল্লেখ কৰে।সভাৰ অন্তত মহাবিদ্যালয়ৰ অধ্যক্ষ কাৰ্য্যালয়ত একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয় নৱ নিযুক্ত অধ্যক্ষ ডঃ অতনু কাকতিয়ে।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ ৰমেন হাজৰিকাই আঁ‌ত ধৰা এই অন্তৰংগ আলাপ অনুষ্ঠানতেই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্ত ছাত্ৰ ছাত্ৰী সকলৰ তৰফৰ পৰা অধ্যক্ষ কাকতিক এখন ফুলাম গামোচা আৰু এখন সফুৰাৰে সম্বৰ্ধনা জনোৱা হয়। অহা ২৫ জুন তাৰিখে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলৰ এখন সমাৰোহ অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।  এই দুইটা অনুষ্ঠানতেই মহাবিদ্যালয় খনৰ কেইবাটাও বিভাগৰ প্ৰায় সংখ্যাক অধ্যাপক অধ্যাপিকা সকল উপস্থিত থাকে।

Leave A Reply