Breaking

“বিজেপি চৰকাৰ গ’ বেক” ধ্বনিৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল মুকালমুৱা

0 2,050

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিত খাতিখোৱা জনসাধাৰণক কোঙা কৰাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে আজি  মুকালমুৱাত ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে মুকালমুৱা ৷ মুকালমুৱাস্থিত ৰাজহুৱা সভাগৃহৰ সন্মুখত অনুষ্ঠিত কৰা ধৰ্মঘট কাৰ্যসূচীত অসম চৰকাৰ হায়-হায়, যোগানমন্ত্ৰী মুৰ্দাবাদ, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ হায়-হায়, বিজেপি চৰকাৰ গ’বেক ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ সন্থাই ৷ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰবেন পাটোৱাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ভাষণত কয় যে কাল কোৰোনাৰ ভয়াবহ সময়ত নিত্য ব্যৱহাৰিত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যৰ যোগান বিভাগৰ অকৰ্মণ্যতাক উদঙাই দি খাতিখোৱা জনসাধাৰণক মাধমাৰ সোধাইছে ৷

বৰক্ষেত্ৰী আছুৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে চৰকাৰক ৰাজ্যৰ খাতিখোৱা জনসাধাৰণৰ কথা গভীৰভাৱে চিন্তা কৰি মূল্যবৃদ্ধি শিঘ্ৰেই নিয়ন্ত্ৰনলৈ আনিবলৈ কয় অন্যথা আগলৈ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ কাৰ্যসূচীত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানসজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, উপদেষ্টা ক্ৰমে সুৰজিৎ পাঠক, মজনুৰ আলী, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানস বৰ্মন, বিত্ত সম্পাদক হীৰকজ্যোতি শৰ্মাসহ দুই কুৰি ছাত্ৰ কৰ্মীয়ে উপস্থিত থাকি প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায় ৷

Leave A Reply