হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মহাবিদ্যালয়ত নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰী সকলক মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ আহ্বান জনাইছে আছু আৰু আছাই ।৩০ছেপ্তেম্বৰত সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক যুটীয়া বিবৃতিত মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু কলিতা আৰু মাজবাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক গোলাপ গোডে উল্লেখ কৰা মতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৃহৎ মাজবাট এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ পৰা বঞ্চিত হব লগীয়া হৈছে । ছাত্ৰ নেতা দুগৰাকীয়ে বিবৃতিটোত আৰু উল্লেখ কৰিছে যে মাজবাট মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী সকলৰ প্ৰথম পৰ্যায়ত নাম ভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পাছত আসন সীমিত হোবাৰ বাবে বহু ছাত্ৰ ছাত্ৰী নাম ভৰ্তিৰ পৰা বাদ পৰিব লগীয়া হ’ল । কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই বঞ্চিত ছাত্ৰ ছাত্ৰী সকলক দ্বিতীয় পৰ্যায়ত মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে পুনৰ অনলাইন যোগে আবেদন কৰিবলৈ জাননী জাৰি কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰাৰ লগতে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী অসুবিধাৰ বাবে দ্বিতীয় পৰ্যায়ত নাম ভৰ্তিৰ বাবে অনলাইন কৰিবলৈ সক্ষম নহল । ফলত মহাবিদ্যালয় খনত বৰ্তমান ১৫০ খন আসন খালি হৈ থকা বুলি ছাত্ৰ সংগঠন দুটাই বিবৃতিটোত উল্লেখ কৰি মাজবাট এলেকাৰ দুখীয়া নিচলা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষইক অনুৰোধ জনাইছে মাজবাট আঞ্চলিক আছু আৰু আছাই ।

