Sualkuchi News: শুৱালকুছিত ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন (Sualkuchi News) সমিতি শুৱালকুছিৰ উদ্যোগত অহা ৫ নৱেম্বৰৰ পৰা অনুস্থিত হ’বলগীয়া ৩৩ সংখ্যক ৰাস মহোৎসৱৰ যোৱা শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়। শুৱালকুছি মাজটোল বালিচৰত সম্পূৰ্ণ মাঙ্গলিক পৰিবেশত লাইখুঁটা স্থাপন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীব লোচন সন্ত বাপে।উল্লেখ্য যে,অহা ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ শুৱালকুছিৰ বালিচৰত উদযাপিত হ’ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।

হায়দৰাবাদৰ শিল্পীৰে এইবেলি অত্যাধুনীক বিজুলীৰ চমকপ্ৰদ আলোক সজ্জাৰে সজাই টোলা হব ৰাস মহোৎসৱৰ মূল মন্দপ বৃন্দাবনৰ দৃশ্যাৱলী। আনহাতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত এক বিশেষ কাৰ্য্যসূচীও প্ৰস্তুত কৰা হ’ব বুলি সভাপতি ৰাজীৱ দাসে জানিবলৈ দিছে। লাইখুঁটা স্থাপন অনুস্থানত প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দিনেশ বৈশ্য সমিতিৰ সম্পাদক ত্ৰয়ৰ লগতে শতাধিক ব্যক্তি উপস্থিত থাকে।

Related Articles