Sub Lt Astha Poonia: ভাৰতীয় নৌ সেনাৰ যুঁজাৰু পাইলট হ’ল আস্থা পুণিয়া

ডিজিটেল ডেস্কঃ Sub Lt Astha Poonia ভাৰতীয় সেনাৰ ইতিহাসত গৌৰৱৰ অধ্যায় সংযোজন। দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বিমান চালকৰ স্বীকৃতি লাভ কৰিছে উপ লেফটেনেন্ট আস্থা পুণিয়াই। ভাৰতীয় নৌ সেনাৰ পক্ষৰ পৰা আনুষ্ঠানিকভাৱে এই গৌৰবজনক খবৰ ঘোষণা কৰা হৈছে।

আস্থা পুণিয়া এতিয়াৰে পৰা ভাৰতীয় নৌ সেনাৰ অন্তৰ্গত আইএএন এছ বিক্ৰান্তৰ পৰা মিগ-২৯ কে (MiG-29K) যুঁজাৰু বিমান উৰুৱাব। উল্লেখযোগ্য যে, মিগ-২৯ কে হৈছে এখন উচ্চ ক্ষমতা সম্পন্ন যুদ্ধ বিমান, যি বিশেষকৈ যুদ্ধৰ সময়ত শত্রু সেনাৰ ওপৰত আক্রমণ চলাবলৈ ব্যৱহাৰ কৰা হয়।

এই বিমানসমূহৰ পৰা একে সময়তে প্ৰায় ৪৫০ কিলোগ্ৰাম ওজনৰ চাৰিটাকৈ বোমা তথা মিছাইল প্ৰক্ষেপণ কৰিব পৰা যায়। আস্থা পুণিয়াৰ এই সফলতাৰ লগত ভাৰতীয় নাৰীৰ শক্তি আৰু সক্ষমতাৰ এক উজ্জ্বল নিদৰ্শন প্ৰমাণিত হৈছে।

Related Articles