”যোগাত্মক চিন্তা অবিহনে সফলতাই পূৰ্ণতা নাপায়” : ড: নীলিমা ভাগবতী…

৩০ ডিচেম্বৰ ২০২২ ইং তাৰিখে নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰী আৰু শিক্ষক শিক্ষা সংসদ(CTEF),নলবাৰী ৰ সহযোগত জিলা ভিত্তিক এখন আলোচনা চক্ৰ আয়োজিত কৰা হয় । উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ( Prof. EMERITUS), আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন শিক্ষক শিক্ষা সংসদৰ সচিব প্ৰধান ড: নীলিমা ভাগৱতী বাইদেউএ ।

তিনি শতাধিক ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলক উদ্দেশ্যি তেখেতে কয় যে ঋণাত্মক চিন্তাই আমাৰ জীৱনত অত্যন্ত বিৰূপ প্ৰভাৱ পেলায়। আমি প্ৰতিজনে ধনাত্মক হৈ আগবাঢ়িব লাগিব । ঋনাত্মক চিন্তা ই অকল শৈক্ষিক ক্ষেত্ৰ ত নহয় , শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়।আমি প্ৰতিজনে যোগ তথা প্ৰাণায়ামত গুৰুত্ব দিব লাগে। মানসিক ভাৱে শক্তিশালী আৰু ধনাত্মক চিন্তা অবিহনে বৰ্তমান সমাজত সুস্হ সবল ভাবে বৰ্তি থকা অত্যন্ত কঠিন ।

অনুষ্ঠানত ছাত্ৰী অাৰু অভিভাবক সকলে সমল ব্যক্তিৰ সৈতে মত বিনিময় কৰি অনুষ্ঠানটো মনোগ্ৰাহী কৰি তুলে।উক্ত সভাত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দীপা বৰুৱাই সভাখনত সভাপতিত্ব কৰি সভাখন সুচাৰুৰূপে পৰিচালিত কৰে । বৰপেটা জিলাৰ বাপুজী কলেজৰ শিক্ষা বিভাগৰ অধ্যাপিকা, শিক্ষক শিক্ষা সংসদ ,অসম শাখাৰ সচিব প্ৰধান ড০ গীতাঞ্জলি ভূঞা প্ৰমুখ্যে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে কেইবাজনো শুভাকাংখী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়ায় ।

Related Articles