নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলা খনৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন জাজৰি মুছলমান গাৱঁৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জাজৰি মুছলমান গাৱঁত আজি দীৰ্ঘদিন ধৰি অবৈধ ভাৱে এই কাঠফলা মিলটো চলাই আহিছিল বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে কাঠফলা মিলটোত ব্যৱহৃত বিভিন্ন যন্ত্ৰাষয় জব্দ কৰি নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে বুলি জানিব পৰা গৈছে ৷ যোৱা কালি পুৱা ছয় বজাত চলা এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে আৰু আন আন বন কৰ্মী সকল উপস্থিত আছিল ৷