Breaking

অসম লোকসেৱা আয়োগত গোগামুখৰ যুৱকৰ সাফল্যঃ বিভন্ন দল-সংগঠনৰ সম্বৰ্ধনা…

0 89

ধেমাজি জিলাৰ গোগামুখৰ এক অন্যতম বৃহত্তম গাঁও হৈছে গোগামুখ কাৰপুনপুলি গাঁও খন ৷ চঞ্চলা-লাস্যময়ী বাণিজ্যিক নগৰ গোগামুখ নগৰৰ  পৰা এক কিলোমিটাৰ নিলগত অৱস্থিত এই কাৰপুনপুলি গাঁওখন ৷ বহুকেইজন স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত গাঁওখনৰ প্ৰতিষ্ঠা হৈছিল ১৯৮৩ চনত মূলতঃ নিজ নিজ সন্তানক মানৱ সম্পদৰূপে গঢ়ি তোলা আৰু শৃংখলাবদ্ধ এখন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৷ প্ৰতিষ্ঠা লগ্নৰ পৰা উভতি চালে বৰ্তমানলৈ   কাৰপুনপুলি গাঁওখনৰ অতি বেছি পুৰণি নহয় ৷ কিন্তু আৱাসীকভাৱে অতি উপযোগী হোৱাৰ বাবে গোগামুখৰ ভিতৰতে এখন বৃহৎ  গাঁও হিচাপে পৰিচিত হৈছে ৷

কাৰপুনপুলি গাঁওখন এতিয়া শিক্ষা- সাহিত্য-সংস্কৃতি আৰু ৰাজনীতিৰ আদিৰ  ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু জনসংখ্যাৰ মাত্ৰাও বৃদ্ধি পাইছে  ৷  ১০০ শতাংশ  শিক্ষিত লোকৰ এই গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আটাইবোৰ পৰিয়াল হৈছে আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী ৷  এই কাৰপুনপুলি গাঁৱৰে নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দেৱৰাম টায়ুং আৰু জীৱলতা দলে টায়ুঙৰ সন্তান বিদ্যুৎ বিকাশ টায়ুঙে   সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হৈ লাভ কৰিছে অসম আৰক্ষী সেৱা পদ চমুকৈ এ পি এছ কেডাৰ ৷  বিদ্যুতৰ এই জয়যাত্ৰাত কাৰপুনপুলি গাঁওবাসী অতিকৈ উৎফুলিত হৈ পৰিছে ৷ প্ৰাথমিক স্কুল পৰ্য়ায়ৰ পৰাই মেধা, শান্ত-অমাযিক ল’ৰা তথা ছাত্ৰ হিচাপে কাৰপুনপুলি গাঁওবাসীৰ মাজত পৰিচিত বিদ্যুৎ সকলোৰে প্ৰিয়ভাজন ৷ এনে এগৰাকী অমায়িক, শান্ত আৰু মেধাসম্পন্ন চৰকাৰী বিষয়া পাই কাৰপুনপুলি গাঁওবাসী আনকি বাৰুকৈয়ে গৌৰৱত বুকু ফুলি উঠিছে ৷  আজি  কাৰপুনপুলি দঃলুং কৗবাঙৰ উদ্যোগত কাৰপুনপুলি মুৰং ঘৰত কাৰপুনপুলি দঃলুং কৗবাং বা গাঁও সমিতি, গোগামুখ আঞ্চলিক টি এম পি কে, এম এম কে আৰু কাৰপুনপুলি গাঁৱৰ বহুকেইজন ব্যক্তিয়ে বিদ্যুৎ বিকাশক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিদ্যুতে কাৰপুনপুলি গাঁৱৰ শিক্ষাৰ পৰিৱেশক ভূয়সী প্ৰশংসা কৰে আৰু হূলস্থূলীয়া, হাইকাজিয়াৰ পৰিৱেশ নথকাৰ বাবে গাঁওখনৰ ল’ৰা-ছোৱালীৰ শিক্ষা, চাকৰি বা অন্যধৰণে সংস্থাপনৰ দিশটোত বহুদূৰ আগুৱাই যোৱা বুলি দোহাৰে ৷ বিদ্যুতে কয়- কাৰপুনপুলি গাঁৱৰ সামাজিক বাতাবৰণে মোক সদায় আপ্লুত কৰি অনুপ্ৰেৰণা যোগাই আহিছে আৰু ইয়াৰ শিক্ষাৰ নিৰৱ আন্দোলনে  ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যোৱাত সহায় কৰিছে ৷ মই সৰুৰে পৰা এইখন গাঁৱত খেলা-ধূলা কৰি ডাঙৰ-দীঘল হৈছো ৷ এই গাঁওখন মোৰ অতি আপোন ৷  ইয়াৰ সকলোবোৰ মানুহক মই ভালদৰে চিনি পাওঁ আৰু তেওঁলোকে মোক বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই নি মোৰ সপোনবোৰ সাকাৰ ৰূপ দিয়াত সহযোগিতা কৰিছে  ৷

আপোনালোকৰ সকলোৰে আশীৰ্বাদ মই অতি আনন্দিত আৰু আপোনালোকৰ এনে আশীৰ্বাদ আৰু সন্মানে মোক কাম কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব  বুলি বিদ্যুৎ বিকাশে মন্তব্য দিয়ে ৷  মা-দেউতাৰ আশীৰ্বাদ-অনুপ্ৰেৰণা আৰু  গাঁৱৰ ডাঙৰ সকলৰ মৰম আৰু পৰামৰ্শই মোক এক সন্মাজনক স্থানলৈ এখোজ আগুৱাই নিছে আৰু ইয়াৰ বাবে মই সকলোকে নমস্কাৰ জনাইছো ৷ আগন্তুক দিনত মই এগৰাকী চৰকাৰী দায়বদ্ধশীল বিষয়া হিচাপে ৰাইজক সেৱা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আৰু ইযাৰ বাবেও মোক লাগিব ৰাইজৰে মৰম আৰু আশীৰ্বাদ বুলি বিদ্যুৎ বিকাশে মতপ্ৰকাশ কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে কাৰপুনপুলি দঃলুুং কৗবাঙৰ সভাপতি ব্ৰজেন চিন্তেই ৷ আঁত ধৰে দঃলুং কৗবাঙৰ সম্পাদক খগেন মিলিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে কাৰপুনপুলি দঃলুং কৗবাঙৰ গাম দেবিৰাম চুংক্ৰাং, মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব কালিনাথ পাংগিং, অৱসৰপ্ৰাপ্ত এ পি এছ বিষয়া পুন্যেশ্বৰ দলে, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি হৰিচন্দ্ৰ কমান, লেখক দুষ্যন্ত নৰহ, টি এম পি কেৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, এম এম কেৰ সম্পাদক তুুুলন পাংগিং আদিয়ে ৷

Leave A Reply