Breaking

মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান। আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মিত্যাবুৰ ৰহমান ওৰফে মিতি

0 1,021

নগাঁও মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল ধিং থানা অন্তৰ্গত কটহগুৰি , টুকটুকী আৰু বড়িবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বৃহৎ চক্ৰ এটাই চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । আজি মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিলপুখুৰীৰ পৰা মিত্যাবুৰ ৰহমান ওৰফে মিতি নামৰ ড্ৰাগছ মাফিয়াৰ লগতে ধিং থানাৰ অন্তৰ্গত শ্বহিদুল ইছলাম আটক কৰে। জানিব পৰা মতে মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীয়ে অতি কৌশলেৰে ছদ্মবেশত আহি দুজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।


অভিযানত উদ্ধাৰ কৰে ২.১৯ গ্ৰাম ড্ৰাগছ। ৬ টা কন্ট্ৰেনাৰ আৰু ৬টা চাদাৰ টেমা ভৰ্তি ড্ৰাগছ। ব্যৱবসায়ী দুজনে দীৰ্ঘদিন ধৰি চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।বৰ্তমান আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Leave A Reply