Breaking

ড্ৰিমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড একাডেমীৰ সৌন্দৰ্য চৰ্চাৰ বিনামুলীয়া কৰ্মশালাৰ সফল সামৰণি

0 1,673

বাইহাটা চাৰিআলিস্থিত ড্ৰিমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড একাডেমী উদ্যোগত সৌন্দৰ্যচৰ্চাৰ বিনামুলীয়া পাচদিনীয়া বিশেষ কৰ্মশালা শনিবাৰে সামৰণি পৰে।কামৰূপ জিলাৰ আগডলা হাইস্কুলত অৰ্ধশতাধিক যুৱতী মহিলা উপস্থিত থকা বিনামূলীয়া কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে সৌন্দৰ্যচৰ্চাৰ বিশেষজ্ঞা তৃষ্ণা ডেকা দাসে।বহু দূৰ দূৰণিৰ যুৱতীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনিত সৌন্দৰ্যচৰ্চা বিশেষজ্ঞা তৃষ্ণা ডেকা দাস ডাঙৰীয়ানীয়ে যুৱতী সকলক এনেবোৰ বৃত্তিত ওলাই আহি নিজে স্বাৱলম্বী হবলৈ আহ্বান জনাই। তেখেতে লগতে কয় যে যিয়ে যি কাম কৰি ভাল পাই সেই কামত ভালকৈ মনোনিবেশ কৰিলে জীৱনত সফলতা অৰ্জনৰ কৰিব পাৰি।

কৰ্মশালাত অন্তত প্ৰতিগৰাকী যুৱতি মহিলা সকলক প্ৰদান কৰা হয় প্ৰমান পত্ৰ।কৰ্মশালাত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় প্ৰশিক্ষণ প্ৰাপ্ত যুৱতি মহিলা সকলৰ দ্বাৰা।

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ প্ৰতিবেদন

Leave A Reply